অসম

assam

ETV Bharat / state

নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানিঃ আদালতত পুনৰ ভাষ্য সলনি সাক্ষীৰ - অভি নীল হত্য়াকাণ্ড

নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি। আদালতত পুনৰ সাক্ষীৰ ভাষ্য সলনি । সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত নীল অভিৰ পৰিয়ালৰ। ২১ মাৰ্চত পৰৱৰ্তী শুনানি ।

ABHI NEEL MURDER CASE AT NAGAON COURT
নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানিঃ

By

Published : Mar 16, 2020, 7:57 PM IST

নগাঁও, 16 মাৰ্চঃ সোমবাৰে নগাওঁ আদালতত দেশ কঁপাই যোৱা ডকমকা কাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হয় । আদালতত পুনৰ ভাষ্য সলনি কৰিলে আন দুজনকৈ সাক্ষীয়ে । সোমবাৰে নগাওঁ জিলা ও সত্ৰ ন্যায়াধীশ আদালতে গ্ৰহণ কৰে দুজনকৈ সাক্ষীৰ সাক্ষ্য। ৰূপচন ইংতি আৰু ৰাজু বসুমতাৰী নামৰ দুজনকৈ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিলে আদালতে ।

নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানিঃ

দুয়োজনেই পূৰ্বে দিয়া সাক্ষীৰ বিপৰীত সাক্ষ্য প্ৰদান কৰা বুলি দাবী কৰিছে নিলোৎপল, অভিজিতৰ পৰিয়ালে । নিলোৎপল দাস আৰু অভিজিত নাথক কাৰ্বি আংলংৰ ডকমকাত এডল পাষণ্ডই মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ চাক্ষুষ সাক্ষীয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি ভাষ্য সলনি কৰা বুলিও মন্তব্য কৰে পৰিয়ালৰ লোকে । আদালতত সাক্ষীৰ ভাষ্য সলনিক লৈ এতিয়া চিন্তিত হৈ পৰিছে নিলোৎপল অভিজিতৰ পৰিয়ালৰ লোক । অহা ২১ মাৰ্চত নগাওঁ আদালতে পুনৰ গ্ৰহণ কৰিব গোচৰটোৰ শুনানি ।

ABOUT THE AUTHOR

...view details