অসম

assam

ETV Bharat / state

অভি-নীল হত্যাকাণ্ডৰ শুনানীঃ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ - অভি-নীল হত্যাকাণ্ড

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানী। দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ। দুয়োজন সাক্ষীয়েই সলনি কৰিছিল ভাষ্য ।

অভি-নীল হত্যাকাণ্ডৰ শুনানীঃ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ

By

Published : Jun 29, 2019, 8:26 PM IST

নগাঁও, 29 জুনঃগুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে নগাওঁ আদালতত চলি থকা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ শনিবাৰে শুনানী গ্ৰহণ কৰে আদালতে । নগাওঁ জিলা ও সত্ৰ ন্যায়াধীশ আদালতে শনিবাৰে গোচৰটোৰ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা কৰে । গোচৰটোৰ লগত জড়িত দুজনকৈ সাক্ষী ক্ৰমে নোমল বসুমতাৰী আৰু উজ্জ্বল মেচে পূৰ্বে আৰক্ষী আৰু আদালতত দিয়া ভাষ্যৰ বিপৰীত ভাষ্য প্ৰদান কৰিছে আদালতত । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে আদালতে হস্তাইল ঘোষণা কৰে দুয়োজন সাক্ষীক।

অভি-নীল হত্যাকাণ্ডৰ শুনানীঃ দুজনকৈ সাক্ষীক হস্তাইল ঘোষণা আদালতৰ

দেশ কপোৱা নীল অভি হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীয়ে ভাষ্য সলনি কৰা বিষয়টোক লৈ চিন্তিত নিলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়াল । তৃতীয় পক্ষৰ হেঁচাত ভাষ্য সলনি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নিলোৎপল অভিজিতৰ পিতৃয়ে ।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ জুন মাহত কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যোৱা গুৱাহাটীৰ নিলোৎপল আৰু অভিজিতক মৰিয়াই মৰিয়াই অতি নৃশংস ভাৱে হত্যা কৰিছিল এদল পাষণ্ডই । গোচৰটো সন্ধৰ্ভত মুঠ ৪৭ জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিছিল হাজো জেললৈ । অহা ১২ জুলাইত গোচৰটোৰ পুণৰ শুনানী গ্ৰহণ কৰিব নগাওঁ আদালতে।

ABOUT THE AUTHOR

...view details