নগাঁও, 23 জানুৱাৰী : শুক্ৰবাৰে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছ সাংসদ আব্দুল খালেকে সমালোচনাৰ লক্ষ্য কৰি লয় অসম গণ পৰিষদৰ লগতে বিজেপি দলক । কংগ্ৰেছৰ নেতৃত্বত হোৱা মহাজোঁট বন্ধনত শাসকীয় বিজেপি দল শংকিত হোৱা বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে।
অসমৰ ৰাইজ সাম্প্ৰদায়িক নহয় বুলি উল্লেখ কৰি আব্দুল খালেকে কয়, আগন্তক নিৰ্বাচনত কা'ৰ বিৰুদ্ধে অসমবাসী একত্ৰিত হৈ বিজেপিক উৎখাত কৰিব । ৰাজ্যৰ বিজেপি চৰকাৰে বিগত পাঁচটা বছৰে কোনো এটা প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি উল্লেখ কৰে আব্দুল খালেকে৷ ইয়াৰ বিপৰীতে বিজেপি চৰকাৰে অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে ৷