চামগুৰি, 22 মাৰ্চ :ড্ৰাগছ আসক্ত দুষ্ট চক্ৰই সম্প্ৰতি ড্ৰাগছ সেৱনৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰী কাৰ্য্যালয়ৰ পৰিত্যক্ত গৃহ । যি সময়ত চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছৰ সৰবৰাহ, অবৈধ বেহা, ড্ৰাগছ সেৱন আদিৰ ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰি আহিছে(Anti drug operation by Police) তেনে সময়তে ড্ৰাগছ আসক্ত সকলেও ন-ন কৌশল ব্যৱহাৰ কৰি অব্যাহত ৰাখিছে ইয়াৰ এখন ৰমৰমীয়া বেহা ।
সম্প্ৰতি ধিঙত পৰিলক্ষিত হৈছে তেনে এক পৰিস্থিতি ৷ উল্লেখ্য যে, ধিং থানাৰ অন্তৰ্গত বটদ্ৰৱা উন্নয়ন খণ্ডৰ পৰিত্যক্ত কোঠালিসমূহ এতিয়া একাংশ ড্ৰাগছ আসক্তই ড্ৰাগছ সেৱনৰ আড্ডাস্থলী হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে(Abandoned government office turned into drugs base) ৷ আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ সেৱনকাৰীয়ে অব্যাহত ৰাখিছে এনে কাৰ্য ৷ যাৰ ফলত অতিস্থ হৈ পৰিছে স্থানীয় সচেতন মহল ৷