অসম

assam

ETV Bharat / state

মন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আটছা - মন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আটছা

উল্লেখযোগ্য যে,চাহ জনজাতীয় লোক সকলক প্ৰতিনিধিত্ব কৰা বিজেপি চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ শেহতীয়াকৈ যি ব্যৱস্থা কৰা হৈছিল সেই আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰে চাহ শ্ৰমিক সকলে ৷

Sanjay krishan at Nagaon
আটছা

By

Published : Jul 25, 2020, 4:07 PM IST

নগাঁও, 25 জুলাইঃমন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চাহ জনজাতি ৷ সেয়ে শনিবাৰে নগাঁৱৰ চামগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। চামগুৰিৰ আমনিৰ আমলখি চাহ বাগিছাত শতাধিক চাহ শ্ৰমিক মহিলাৰ সহযোগত আটছাৰ নগাঁও জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰিলে চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে।

মন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আটছা

উল্লেখযোগ্য যে,চাহ জনজাতীয় লোক সকলক প্ৰতিনিধিত্ব কৰা বিজেপি চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ শেহতীয়াকৈ যি ব্যৱস্থা কৰা হৈছিল সেই আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰে চাহ শ্ৰমিক সকলে ৷ অভিযোগ অনুসৰি,তিনিবাৰকৈ আবেদন-নিবেদন কৰাৰ পিছতো অতি বিসংগতিপূৰ্ণভাৱে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছা সমূহৰ এজনো ছাত্ৰ-ছাত্ৰীৰ নাম উক্ত আঁচনিত অন্তভুৰ্ক্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে নগাঁও জিলাৰ আটছাৰ নেতা-কৰ্মী সকল।

লগতে পঢ়কঃনাৱেৰে বন্যাৰ্তৰ কাষত উপস্থিত সদৌ অসম ছাত্ৰ সন্থা

ফলশ্ৰুতিত আটছাৰ একাংশ নেতা-কৰ্মীয়ে আমলখি চাহ বাগিছাৰ ৰাজপথত মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি মন্ত্ৰী সঞ্জয় কৃষাণ তথা চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী সকলৰ মতে,কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছা সমূহৰ এগৰাকী ছাত্ৰ-ছাত্ৰীকো উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ ব্যৱস্থা নকৰা মন্ত্ৰী সঞ্জয় কৃষাণক বৰ্তমান চাহ জনজাতীয় ৰাইজে পাহৰি পেলাইছে ৷ কাৰণ তেওঁ চাহ জনজাতি কল্যাণ বিভাগটো সুচাৰুৰূপে পৰিচালনা কৰাত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে ।

ইফালে শীঘ্ৰে চৰকাৰে উচ্চ শিক্ষাৰ বাবে জলপানী পোৱাৰ ক্ষেত্ৰত চাহ জনজাতি কল্যাণ বিভাগে বিশেষ আঁচনিখনৰ অধীনত প্ৰস্তুত কৰা তালিকাত অসমৰ প্ৰতিখন চাহ বাগিছাৰ লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছা সমূহৰ দৰিদ্ৰ তথা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ নামো নতুনকৈ অৰ্ন্তভুক্ত কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । অন্যথা বঞ্চিত চাহ বাগিছা সমূহত পৰৱৰ্তী সময়ত চৰকাৰ তথা মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আটছাৰ প্ৰতিবাদী নেতা-কৰ্মী সকলে।

ABOUT THE AUTHOR

...view details