অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক কৰ্মশালাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ - সৰ্বানন্দ সোণোৱাল

ৰহাৰ মীন মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত হৈ যায় এক মীন সম্পৰ্কীয় কৰ্মশালা ৷ আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে আয়োজিত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক কৰ্মশালাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Aatmanirbhar assam related workshop attend by CM Sarbananda Sonowal raha nagaon assam etv bharat news
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Aug 13, 2020, 10:44 AM IST

ৰহা,13 আগষ্ট: ৰহাৰ মীন মহাবিদ্যালয়ত বুধবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক এক কৰ্মশালাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মহাবিদ্যালয়খনৰ কমলমল্ল বুজৰবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাখনিত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত মুখ্যমন্ত্ৰী গৰাকীয়ে মীন পালকসকলৰ উপৰিও মহাবিদ্যালয়খনৰ অধ্যাপক, ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে ৰাজ্য়ৰ বিভাগটোত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ আগত তথ্য দাঙি ধৰে ।

মুখ্যমন্ত্ৰী সোণোৱালৰ মীন কৰ্মশালাত অংশগ্ৰহণ

মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয় যে, অসমে উন্নয়নৰ ক্ষেত্ৰত যদি আগবাঢ়িব লাগে তেন্তে সকলোৱে আত্ম নিৰ্ভৰশীল হোৱাৰ লগতে মীন বিভাগটোৰো উন্নয়ন হ’ব লাগিব ৷ বিগত ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আত্ম নিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল । সেই অনুসৰি কৰ'ণা মহামাৰীৰ সময়তে আত্ম নিৰ্ভৰশীলতাৰ নিৰ্দশন দাঙি ধৰিছে মন্ত্ৰীগৰাকীয়ে ৷ জন সাধাৰণৰ মানসিকতা সলনিৰ বাবে আহ্বান জনাই মোডীয়ে মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদিৰ উন্নয়নৰ কথা চিন্তা কৰিছিল ৷ বৰ্তমান সময়ত ইয়াৰ যথেষ্ঠ প্ৰাসংগিকতা আহি পৰিছে ৷

অসমবাসীয়ে আত্ম নিৰ্ভৰশীল হৈ চুবুৰীয়া বজাৰ দখল কৰিবলৈ চেষ্টা চলোৱা উচিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে মীন বিভাগৰ উন্নয়নৰ বাবে ভিজন প্লেন তৈয়াৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৃষকসকলৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ নীল বিপ্লৱ সূচনা কৰাৰ আহ্বান জনায় ৷

লগতে চাওকঃ মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ

ABOUT THE AUTHOR

...view details