অসম

assam

ETV Bharat / state

নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি

কঠিয়াতলী সমবায় সমিতিৰ প্ৰাক্তন সম্পাদক খাইৰুল ইছলামৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ ৷ ৰাঙলু আৰক্ষী থানাত গোচৰ ৰুজু ৷

নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি

By

Published : Sep 13, 2019, 8:41 PM IST

Updated : Sep 13, 2019, 8:48 PM IST

নগাঁও, 13 চেপ্তেম্বৰ : নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি । সমবায়খনৰ প্ৰাক্তন সম্পাদক খাইৰুল ইছলামৰ বিৰুদ্ধে উঠিছে আটা কেলেংকাৰীৰ গুৰুতৰ অভিযোগ । নগাঁও জিলাৰ যোগান বিভাগৰ পৰা মে’ মাহত 122.39 কুইণ্টল আটা আৱণ্টন হৈছিল । আটাখিনি সমবায়খনৰ সম্পাদক খাইৰুল ইছলামে নগাঁৱৰ 'M/S জ্যোতি ফুড এণ্ড প্ৰটিন'ৰ পৰা 14 জুনত আনে যদিও সমবায় সমিতিত জমা কৰা নাছিল সম্পাদকজনে । কাগজে কলমে অনাটো স্পষ্ট হৈ আছে যদিও বৃহৎ আত্মসাৎ কৰিছে বুলি দাবী তুলিছে সমবায়খনৰ সমিতিয়ে । এই সন্দৰ্ভত সম্পাদকজনৰ বিৰুদ্ধে ৰাঙলু আৰক্ষী থানাত 1337/19 নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ৷

নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি
Last Updated : Sep 13, 2019, 8:48 PM IST

ABOUT THE AUTHOR

...view details