ৰহা, 31 মাৰ্চ : দেশজুৰি হৈ থকা লক্ ডাউনৰ সময়ত শ্ৰমজীৱি দৰিদ্ৰ লোক সকলে সম্প্ৰতি দুবেলা দুমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাত পৰিছে ৷ এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে ৰহা নগৰৰ বিভিন্ন ৱাৰ্ডত বসবাস কৰা প্ৰায় ২০০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই ৷ প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মতে শাৰীৰিক দুৰত্ব বজাই ৰাখি দৰিদ্ৰ পৰিয়াল সকলৰ ঘৰে ঘৰে গৈ চাউল,দাইল,নিমখ,পাচলি আদিৰ লগতে ভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ছাত্ৰ সংগঠনটোৱে । তাৰোপৰি ৰহাত দৰিদ্ৰ লোকৰ বাবে ঔষধ যোগানৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে আছুৰ কৰ্মকতাই ৷
ৰহাত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ - ৰহা আঞ্চলিক ছাত্ৰ সন্থা
লক্ ডাউনৰ সময়চোৱাত খাদ্য সংকটত ভুগিছে দৰিদ্ৰ শ্ৰেণীৰ একাংশ লোকে ৷ দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰা লোকসকলৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে লক্ ডাউনৰ ফলত ৷
AASU WORKERS DISTRIBUTED FOODS FOR POOR IN RAHA