নগাঁও,2 জুলাইঃ চৰকাৰে গ্ৰহণ কৰা নতুন ভূমি নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি । নগাঁৱত জিলা সমিতিৰ নেতৃত্বই চৰকাৰৰ এই ভূমি নীতিৰ বিৰুদ্ধে জিলা কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথত সাব্যস্ত কৰে প্ৰতিবাদ। চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দাহ কৰে নতুন ভূমিনীতিৰ কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি । খিলঞ্জীয়াৰ ভোটেৰে গঠন কৰা চৰকাৰে খিলঞ্জীয়াৰ ভূমি অধিকাৰ কাঢ়ি নিয়া বুলি মন্তব্য কৰি চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিয়ে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে।
নতুন ভূমি নীতিৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা - নতুন ভূমিনীতিৰ কেবিনেট সিদ্ধান্ত
নতুন ভূমি নীতিৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিবাদ । দাহ কৰিলে নতুন ভূমি নীতিৰ কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি ।
নতুন ভূমিনীতিৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা