কলিয়াবৰ,২০ মাৰ্চ: ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ ভিন্ন প্ৰান্ততো সদৌ অসম ছাত্ৰ সন্থাই 'কা' বিৰোধী বাইক ৰেলীৰ আয়োজন কৰে । জিলাখনৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই চতিয়ালৰ পৰা বিশাল বাইক ৰেলীৰ আৰম্ভ কৰে । য'ত এশৰো অধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
কলিয়াবৰত আছুৰ বিশাল বাইক ৰেলী - aasu protest at kaliabar
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই বাইক ৰেলীৰ আয়োজন কৰে । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বতো চতিয়ালৰ পৰা বিশাল বাইক ৰেলী উলিওৱা হয় ।

কলিয়াবৰত আছুৰ বিশাল বাইক ৰেলী
প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে কা আইন বাতিল কৰিবলৈ দাবী জনাই আছু কৰ্মীসকলে । লগতে তেওঁলোকৰ হুংকাৰ কোনো কাৰণতে এই জাতিধ্বংসী আইন তেওঁলোকে নামানে আৰু আইন বাতিল নহ'লে আগন্তুক দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কৰাৰো ঘোষণা কৰে আছু কৰ্মীসকলে ।