বঢ়মপুৰ,8 জুলাই: বুধবাৰৰ দিনটোত চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ প্ৰতিবাদী দলটোৱে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে ভূমি নীতিৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । কঠীয়াতলী চাৰিআলিৰ দৈনিক বজাৰৰ মাজমজিয়াত ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’বেক, খিলঞ্জীয়াৰ ভূমি অধিকাৰ থাকিবই লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । ছাত্ৰ সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনাবলৈ প্ৰতিবাদস্থলীত সমবেত হয় অধিকাংশ জনতা ৷ উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বৰে পৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷
ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ
কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনাবলৈ প্ৰতিবাদস্থলীত সমবেত হয় অধিকাংশ জনতা ৷
ভূমি নীতিৰ প্ৰতিলিপি দাহ