ৰণশিঙা : নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ - নগাঁৱত আছুৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ সন্থাৰ ৰণশিঙা। দবা, তাল, নাগাৰা বজাই প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ছাত্ৰ সন্থাৰ। ৰাইজৰ পক্ষ লৈ CAA বিৰোধিতা কৰিবলৈ সৰ্বানন্দ সোণোৱালক আহ্বান নাৰী সমাজৰ।
নগাঁও, 9 জানুৱাৰী: বাজক দবা, বাজক শংখ, বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল.... অসম আৰু অসমীয়াৰ ভাষাৰ অস্তিত্বৰ হ'কে নগাঁৱোতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰণশিঙা বজাই প্ৰতিবাদ সাব্য৷স্ত কৰে প্ৰতিবাদী জনতাই ৷ নগাঁৱৰ ডিমৰুগুৰি আমতল বাকৰিত বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচীত CAA বিৰোধী আইনামৰ পৰিবেশন কৰে প্ৰতিবাদকাৰী মহিলাই ৷ এই প্ৰতিবাদত নাগৰিকত্ব সংশোধনী আইনৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী।