নগাঁও, 4 মাৰ্চ : এক অভিনৱ প্ৰতিবাদ । ৰাজপথৰ কাষতে চাহ দোকান খুলি এইবাৰ এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে (AAP protest in Nagaon) । মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমী পাৰ্টীয়ে শনিবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ নগাঁও কলেজ পইণ্টত চাহৰ দোকান খুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (AAP protest against price hike in Nagaon) ৷
ৰাজপথৰ কাষত ফেকু চাহ, অমৃত চাহ, মামা চাহ, ইৰাণী চাহ আৰু বাবা চাহৰ চাহৰ দোকান খুলি চাহ বেচিলে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিৰ নেতা কৰ্মীয়ে । চাহ দোকানীৰ ৰূপত পূৰ্বে ব্যতিক্ৰমী প্ৰতিবাদেৰে চর্চা লাভ কৰা আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰা ।
চাহ দোকান খুলি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ পৰে আম আদমী পাৰ্টীৰ প্ৰতিবাদকাৰীসকল । বিশেষকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰে (Domestic LPG price hike) সাধাৰণ জনতাক চৰকাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ।