নগাঁও, 29 মাৰ্চ:আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান অসমলৈ অহাৰ খবৰ প্ৰচাৰৰ পিচতে ৰাজ্যৰ বিভিন্ন জিলাসমূহত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে (AAP CM to visit Guwahati)৷ অহা 2 এপ্ৰিলত অসমলৈ আহিব দুই মুখ্যমন্ত্ৰী তথা আপৰ নেতাদ্বয় ৷ বুধবাৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে কেইবাগৰাকী নেতা নগাঁৱত উপস্থিত হৈ নগাঁও জিলা সমিতিৰ উপৰিও সমষ্টি কমিটিৰ নেতা কৰ্মীৰে আলোচনাত মিলিত হয় (AAP press meet in Nagaon)৷
আপৰ নেতাসকলে এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টী হৈছে পুঁজিপতিৰ অধীনত চলা চৰকাৰ (AAP Slams BJP) ৷ তেওঁলোকৰ নিজৰ ভাবিব পৰা ক্ষমতা নাই ৷ তেওঁলোকে সন্মুখতহে বহি আছে, কিন্তু তেওঁলোকক পিচফালৰ পৰা বেলেগে চলাই আছে ৷ ভাৰতীয় জনতা পাৰ্টিয়ে দেশখনক কঙাল কৰিছে ৷ যোৱা 64 বছৰত ভাৰতত লোনৰ টকা কেৱল ষাঠি হাজাৰ কোটি টকা আছিল ৷ কিন্তু যোৱা 6/7 বছৰত ভাৰতীয় জনতা পাৰ্টিয়ে 80 লাখ কোটিতকৈ অধিক ধন ধাৰে লৈছে ৷ ইয়াৰ সমান্তৰালকৈ অসমতো ধাৰৰ পৰিমাণ বৃদ্ধি হৈছে ৷ প্ৰকৃততে এইখিনি পইচা ৰাইজৰ পইচাহে ৷ এই ধনখিনি চৰকাৰে অপব্যৱহাৰ কৰিছে ৷ এয়া ৰাইজক অৱগত কৰোৱাটো আমাৰ কৰ্তব্য ৷