নগাঁও,৩০ চেপ্তেম্বৰ:নগাঁৱত আম আদমী পাৰ্টীৰ সংবাদ মেল(AAP Press meet at Nagaon) । চৰকাৰে ৰেলৱে ভূমি বে-দখল মুক্ত কৰিবলৈ লোৱা প্ৰচেষ্টাক শলাগ লৈছে আম আদমী পাৰ্টিয়ে । ৰেলৰ বেদখলকৃত ভূমিত ৩০/৪০ বছৰ ধৰি বসবাস কৰি আহিছে বহু লোকে বুলি সংবাদ মেলত দাবী কৰে আম আদমী পাৰ্টীয়ে । বেদখল কৰি থকা লোকসকল থলুৱা লোক, তেওঁলোকৰ আধাৰ কাৰ্ড, বৈদ্যুতিক বিল পৰিশোধ কৰাৰ ৰচিদ আৰু ভোটাৰ কাৰ্ডো আছে বুলি দাবী কৰে দলটোৱে ।
ৰেলৱে’ৰ ভূমিত বেদখল কৰি থকা গৃহহীন লোকক চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে দাবী উত্থাপন কৰে আম আদমী পাৰ্টিয়ে । লগতে বঢ়মপুৰত ৰাজপথত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চিকিৎসক ৰিজোৱানা বেনজিনৰ মৃত্যু সন্দৰ্ভতো আম আদমী পাৰ্টিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Doctor dead in Nagaon)৷ ।