অসম

assam

ETV Bharat / state

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত নামিল আমছু - নগাঁৱত আমছুৰ প্ৰতিবাদ

বুধবাৰে দৰঙৰ ছিপাঝাৰত প্ৰশাসনে ৪০০টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছতে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে(AAMSU) । নগাঁৱতো সংগঠনটোৰ জিলা সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । উচ্ছেদ অভিযান বন্ধ কৰাৰ লগতে ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৰ কৰ্মকৰ্তাই ।

AAMSU PROTEST
প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত নামিল আমছু

By

Published : Sep 23, 2021, 1:44 PM IST

নগাঁও, ২৩ ছেপ্টেম্বৰ: দৰঙৰ ছিপাঝাৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক বৰ্বৰতা আখ্যা দি প্ৰতিবাদত নামিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(AAMSU) । বুধবাৰে আমছুৰ নগাঁও জিলা সমিতিৰ নেতা-কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । 'ধলপুৰত বৰ্বৰ উচ্ছেদ অভিযান বন্ধ কৰক', 'ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক', 'উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক' আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰৰি তোলে সংগঠনটোৰ নেতা-কৰ্মীয়ে ।

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত নামিল আমছু

আমছুৰ নেতাসকলে ক্ষোভ উজাৰি কয় যে, প্ৰস্তাৱিত গৰুখুঁটি কৃষি প্ৰকল্প স্থাপনৰ নামত ধলপুৰৰ নিৰীহ লোকসকলক চৰকাৰে অমানুষিকভাৱে উচ্ছেদ কৰিছে । চৰকাৰৰ এই কাৰ্যক সংবিধান বিৰোধী আখ্যা দি আমছু নেতাসকলে এই উচ্ছেদ অভিযান বন্ধ কৰাৰ লগতে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনায় । উল্লেখ্য যে, বুধবাৰে ছিপাঝাৰৰ ধলপুুৰৰ ৪০০টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰিছিল । এই উচ্ছেদ বে-আইনী বুলি অভিযোগ তুলি বুধবাৰে ৰাজ্যৰ জিলা জিলাই আমছুৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

তেওঁলোকৰ মতে, উচ্ছেদৰ নামত মছজিদ, মাদ্ৰাছা ধ্বংস কৰি চৰকাৰে সংখ্যালঘু লোকসকলৰ আবেগত আঘাত হানিছে । সেয়ে, আমছুৱে এই উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: চিৰাঙত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

ABOUT THE AUTHOR

...view details