ৰহা, 11 জুলাইঃনিজৰ বাগানতে প্ৰৱেশ নিষিদ্ধ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ ৷ বিতৰ্কিত ব্যৱসায়ীগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ বাগিছাৰ শ্ৰমিকসকলে লৈছে এই সিদ্ধান্ত ৷
বিগত 3 জুলাইত আমচৈ চাহ বাগিছাত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিচতে বাগিছাবাসী ৰাইজে ত্যাগ কৰিছে ৰাজেশ হিম্মৎসিংকাক ৷ বাগিছাখনৰ বাংলোত সংঘটিত ঘটনাৰ পাছতেই বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷
বিগত তিনি জুলাইত সংঘটিত গুলীচালনাৰ ঘটনাত ভৰিত গুলী লাগি আহত হৈছিল এগৰাকী যুৱতী ৷ আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ নাৰায়না চুপাৰস্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল যুৱতীগৰাকীকে ধৰি ৰাজেশ হিম্মৎসিংকাই ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পইন্ট থ্ৰী টু পিষ্টলসহ সজীৱ গুলী তথা এখন বিলাসী BMW বাহন জব্দ কৰিছিল ৷
বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা এই ঘটনাৰ পিচতে বিতৰ্কিত ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বাগিছা শ্ৰমিকসকল ৷ শ্ৰমিকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, প্ৰায়েই উক্ত বাগিছাত যুৱতীৰ সৈতে সুৰাৰ পাৰ্টি আয়োজন কৰি বাগিছাৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল ৰাজেশ হিম্মৎসিংকাই ৷ শেহতীয়াকৈ সংঘটিত গুলীচালনাৰ ঘটনাক লৈ ক্ষুদ্ধ হৈ পৰা শ্ৰমিকসকলে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাগিছাত ৰাজেশ হিম্মৎসিংকাৰ প্ৰৱেশ নিষিদ্ধ কৰি তাত থকা বাংলোৰ গেটত তলা ওলোমাই দিয়ে ৷
অধিক পঢ়কঃ ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাংলোত নিশা হ'লে কি চলে?