নগাঁও,24 ছেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত আম আদমী পাৰ্টিয়ে মৌন প্ৰতিবাদ সাব্যস্ত কৰে । নগাঁও জিলাৰ প্ৰায় কেইটা সমষ্টিৰ পৰা অহা সংগঠনটোৰ প্ৰতিনিধিয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপতে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ।
নগাঁৱত আম আদমী পাৰ্টীৰ মৌন সমদল
কৃষক বিৰোধী নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আম আদমী পাৰ্টিৰ মৌন প্ৰতিবাদ ৷
প্ৰতিবাদকাৰী আম আদমী পাৰ্টিৰ সদস্য সকলে 'কলা বিধেয়ক উঠাই লওক' আদি বাক্য লিখা ফেষ্টুন প্ৰদৰ্শন কৰে । প্ৰতিবাদৰ অন্তত দলটোৰ নগাঁও জিলাৰ নেতৃবৃন্দই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় । বিজেপিয়ে সংসদত সংখ্যাগৰিষ্ঠ হোৱাৰ সুযোগলৈ বলপূৰ্বক ভাবে এই বিধেয়কখন কাৰ্যকৰী কৰিব বিচাৰিছে বুলি দলটোৰ নেতৃবৃন্দই মন্তব্য কৰে । দলটোৱে কোনো পধ্যেই এই বিধেয়ক মানি নোলোৱাৰ কথা উল্লেখ কৰি বিধেয়কৰ বিৰুদ্ধে আন্দোলন তীব্রতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়কঃৰাজীৱ ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ