নগাঁও, 30 অক্টোবৰ:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়েও অসমৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে । শুক্ৰবাৰে নগাঁৱত দলটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও পেঞ্চন ভৱনত এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ পিছত এক সংবাদ মেলৰ আয়োজন কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে দলটোৰ নেতৃবৰ্গই । আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ১২৬ টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা।
১২৬ টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আম আদমী পাৰ্টীৰ - বিষ্ণুৰাভা
ৰাজ্য়ৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আম আদমী পাৰ্টীৰ। শিক্ষা,স্বাস্থ্য আদিৰ উন্নয়নৰ লগতে অসমৰ সম্পদ সংৰক্ষণেই হব দলটোৰ নিৰ্বাচনী ইছ্যু। উন্নয়নত শূণ্য বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ আম আদমী পাৰ্টীৰ।
![১২৬ টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আম আদমী পাৰ্টীৰ aam admi party's pressmeet at Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9368771-598-9368771-1604058522496.jpg)
ইতিমধ্যে অসমৰ ৮৯ টা সমষ্টিতেই সমষ্টি কমিটি গঠন কৰি তৎপৰতা আৰম্ভ কৰিছে দলটোৱে । শিক্ষা,স্বাস্থ্য,নিবনুৱা আদি সমস্যা সমাধানৰ লগতে অসমৰ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব আম আদমী পাৰ্টিয়ে । নগাঁৱত অনুষ্ঠিত সংবাদ মেলত শাসকীয় দল বিজেপিক সমালোচনা কৰি উন্নয়নত শূণ্য বিজেপিয়ে এতিয়া ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰা বুলি মন্তব্য কৰে দলটোৰ নেতৃবৰ্গই । অসমত থকা মিউজিয়ামসমূহেই সংৰক্ষণ কৰিব নোৱাৰা বুলিও বিজেপি চৰকাৰক কটাক্ষ কৰে দলটোৰ নেতৃবৰ্গই । বিগত কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰে তেজপুৰত থকা বিষ্ণুৰাভাৰ বাসগৃহই সংৰক্ষণ কৰিব নোৱাৰা বুলিও মন্তব্য কৰে ৷
লগতে পঢ়ক:২ কোটি ৫১ লাখ পুঁজিৰে বহুমুখী বান আশ্ৰয় গৃহৰ আধাৰশিলা স্থাপন