ধিং, ২৬ জুন: নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত দেওবাৰে অনুষ্ঠিত হয় আম আদমি পাৰ্টীৰ এক যোগদান কাৰ্যসূচী (Aam Aadmi Party joining Dhing in Nagaon)। এ আই ইউ ডি এফৰ দখলত থকা ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী মৌজাৰ লচনাবড়ী গাঁও পঞ্চায়তৰ সভাপতি দিলদাৰ হুছেইনৰ নেতৃত্বত তিনিজন ৱাৰ্ড সদস্যসহ দুই শতাধিক লোকে দেওবাৰে আম আদমি পাৰ্টীত যোগদান কৰে ।
কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ পৰা অহা কৰ্মীসকলে মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত আয়োজিত আম আদমি পাৰ্টীৰ সভাত আনুষ্ঠানিকভাৱে যোগদান কৰা বুলি জানিব পৰা গৈছে (Congress, AIUDF supporter of Assam supporter joining)।