অসম

assam

By

Published : Feb 14, 2021, 10:38 AM IST

ETV Bharat / state

চৰকাৰক মুকলি প্ৰত্যাহ্বান কৰ্মচাৰী সন্থাৰ

ৰাজ‍্য চৰকাৰক বান্ধি দিলে চৰম সীমা ৷ দাবী পূৰণ নকৰিলে সমাগত নিৰ্বাচন বৰ্জনৰ হুংকাৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ৷ ১৯-২০ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালনৰ সিদ্ধান্ত ৷ কলিয়াবৰত অনুষ্ঠিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা (AADAEU)ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত এই কথা সদৰী কৰে সংগঠনটোৱে ৷

কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতিৰ হুংকাৰ
কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতিৰ হুংকাৰ

কলিয়াবৰ,14 ফেব্ৰুৱাৰীঃশনিবাৰে কলিয়াবৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ‍্যোগত সন্থাৰ NPS (ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা), সুকীয়া গ্ৰেড পে’, প্ৰাপ্য মজুৰি আদি বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যৰে এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় । চৰকাৰে কৰ্মচাৰী সন্থাৰ সমস্যাসমূহ সমাধান নকৰাৰ বাবে কাৰ্যনিৰ্বাহকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি বিভিন্ন দাবী আৰু সমস্যাসমূহৰ বিষয়ে উত্থাপন কৰে ।

উল্লেখ্য যে, ১৯৯৪ চনত গঠন হোৱা সদৌ অসম কৰ্মচাৰী সন্থাই ২০১৬ চনৰ পৰাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ কিন্তু আজিপৰ্যন্ত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে কৰ্মচাৰী সন্থাই । কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তমৰ্মে দুদিনীয়াকৈ ১৯-২০ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালন কৰাৰ লগতে অসহযোগ আন্দোলন ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

ইপিনে ২০২১ বৰ্ষত শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে সদৌ অসম কৰ্মচাৰী সন্থাই এক আলোচনাত বহিছিল ৷ কিন্তু কোনো সুফল নোপোৱাত ক্ষোভিত হয় কৰ্মচাৰী সন্থা । উল্লেখ্য যে, চৰকাৰৰ সৈতে কেইবালানি বৈঠকত অংশগ্ৰহণ কৰিছিল সদৌ অসম কৰ্মচাৰী সন্থাই । চৰকাৰী পদোন্নতি, উন্নীতকৰণ আদি বিভিন্ন সমস্যাৰ সমাধানৰ বাবে আলোচনাত বহিছিল যদিও আজিপৰ্যন্ত সেয়া সমাধান নোহোৱাৰ অভিযোগ তোলে সদৌ অসম কৰ্মচাৰী সন্থাই ।

কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতিৰ হুংকাৰ

যদিহে তেওঁলোকৰ সমস্যা সমূহৰ সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ২১ ৰ নিৰ্বাচনৰ প্ৰতিটো নিৰ্বাচনকেন্দ্ৰিক কাম-কাজ কৰাৰ পৰা বিৰত থকা হুংকাৰ প্ৰদান কৰে সদৌ অসম কৰ্মচাৰী সন্থাই ।

লগতে পঢ়কঃ কানাড়া বেংকৰ পৰা 1.50 কোটি টকা হৰলুকিৰ অভিযোগ

ABOUT THE AUTHOR

...view details