বঢ়মপুৰ. 12 ছেপ্তেম্বৰ: কামপুৰৰ তেতেলিসৰাত অঘটন ৷ আৰক্ষীৰ ভয়ত নিশাৰী নৈত জাঁপ দিলে 5 গৰাকী যুৱকে ৷ যুৱক কেইগৰাকীৰ ভিতৰত এগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ সন্ধানহীন যুৱক গৰাকীৰ নাম দেৱাশীষ দাস বুলি জানিব পৰা গৈছে ৷ তেতলীসৰাৰ এটা মন্দিৰত যুৱক কেইগৰাকী বহি থকা অৱস্থাত আৰক্ষী উপস্থিত হোৱাত, আৰক্ষীৰ ভয়ত নৈত জাঁপ দিয়ে তেওঁলোকে ৷ সন্ধানহীন যুৱকগৰাকীক বিচাৰি স্থানীয় ৰাইজে অভিযান অব্যাহত ৰাখিছে যদিও,এই পৰ্যন্ত সন্ধান পোৱা নাই যুৱকগৰাকীৰ ৷
নিশাৰী নৈত সন্ধানহীন যুৱক - কামপুৰ
আৰক্ষীৰ ভয়ত নিশাৰী নৈত জাঁপ দিয়ে 5 গৰাকী যুৱকে ৷ যুৱক কেইগৰাকীৰ ভিতৰৰ দেৱাশীষ দাস নামৰ যুৱকগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷
![নিশাৰী নৈত সন্ধানহীন যুৱক নিশাৰী নৈত সন্ধানহীন যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8781226-86-8781226-1599931552030.jpg)
নিশাৰী নৈত সন্ধানহীন যুৱক