অসম

assam

ETV Bharat / state

কলিয়াবৰত মাছ মাৰিবলৈ গৈ নিখোজ যুৱক - ব্ৰহ্মপুত্ৰ

শনিবাৰ কলিয়াবৰত নিশা বন্ধুৰ সৈতে ভৰ লুইতত মাছ মাৰিবলৈ গৈ নিখোজ দীপক শইকীয়া নামৰ এগৰাকী যুৱক ৷ নদীৰ পাৰত উদ্ধাৰ সন্ধানহীন যুৱকজনৰ কাপোৰ ৷

মাছ মাৰিবলৈ গৈ নিখোজ যুৱক
মাছ মাৰিবলৈ গৈ নিখোজ যুৱক

By

Published : Jul 12, 2020, 8:02 PM IST

কলিয়াবৰ, 12 জুলাইঃ কলিয়াবৰত মাছ মাৰিবলৈ গৈ নিখোজ এগৰাকী যুৱক ৷ শনিবাৰে নিশা ভৰ লুইতত দুই বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈ এই পৰ্যন্ত নিখোজ হৈ আছে যুৱকগৰাকী ৷ আনহাতে, নদীৰ পাৰত উদ্ধাৰ হয় সন্ধানহীন যুৱকজনৰ কাপোৰ ৷

কলিয়াবৰত মাছ মাৰিবলৈ গৈ নিখোজ যুৱক

সন্ধানহীন দীপক শইকীয়া নামৰ যুৱকজনৰ সন্ধানত সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ স্থানীয় লোকে সন্দেহ কৰা অনুসৰি, মাছ মাৰিবলৈ গৈ ভৰ লুইতৰ বাঢ়নী পানীয়ে উটুৱাই নিছে যুৱকজনক ৷

নদীৰ পাৰত উদ্ধাৰ যুৱক জনৰ কাপোৰ

লগতে পঢ়কঃননৈ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া লোকৰ কথমপি প্ৰাণৰক্ষা

ABOUT THE AUTHOR

...view details