অসম

assam

ETV Bharat / state

গুৱাহাটীত সন্ধানহীন নগাঁৱৰ যুৱক - সন্ধানহীন

যোৱা ২৯ চেপ্তেম্বৰ পৰা সন্ধানহীন হৈ আছে নগাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ যুৱকগৰাকীক অপহণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে অভিভাৱকে ৷

সন্ধানহীন নগাঁৱৰ যুৱক
সন্ধানহীন নগাঁৱৰ যুৱক

By

Published : Oct 9, 2020, 4:02 PM IST

নগাঁও, 9 অক্টোবৰ:বিগত দহদিন ধৰি সন্ধানহীন হৈ আছে নগাঁৱৰ পীয়ুষ শইকীয়া নামৰ এজন ২২ বছৰীয়া যুৱক ৷ ফৌজদাৰিপট্টিৰ মৃদুল শইকীয়াৰ পুত্ৰ পীয়ুষ শইকীয়া এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ যোৱা ২৯ চেপ্তেম্বৰত সন্ধানহীন যুৱকজন নিজ পিতৃ আৰু পিতৃৰ কেইজনমান বন্ধুৰ সৈতে গুৱাহাটীলৈ গৈছিল ৷ গুৱাহাটীৰ পল্টন বজাৰস্থিত আৰক্ষী অতিথিশালাৰ পৰা পৰাই সন্ধানহীন হোৱা যুৱকজনক পিতৃৰ বন্ধু কেইজনেই অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়লবৰ্গই ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱকজনৰ মাতৃ অঞ্জলি শইকীয়াই পাণবজাৰ আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰিছে ৷

ABOUT THE AUTHOR

...view details