অসম

assam

ETV Bharat / state

কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলাই সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলাই এইবাৰৰ ভোগালী বিহুত মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ৷ হস্ত কলাৰ জড়িয়তে স্বাৱলম্বিতাৰ সপোন দেখা মহিলা গৰাকীয়ে সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি, পদুম ফুলৰ এক বিশেষ চিত্ৰ, ৰাধা-কৃষ্ণৰ মূৰ্তি আৰু হাতেবোৱা পাটৰ গামোছা ৷

a-working-woman-from-kaliabor
কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলাই সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

By

Published : Dec 9, 2020, 8:16 PM IST

কলিয়াবৰ, 9 ডিচেম্বৰ : কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলা, নাম ৰীণা কলিতা ৷ হস্ত কলাৰ জড়িয়তে স্বাৱলম্বিতাৰ সপোন দেখিছে ৰীণা কলিতাই ৷ মহিলা গৰাকীৰ হাতত প্ৰাণ পাই উঠিছে তাঁতশালৰ শালৰ পৰা বাঁহ-বেতলৈকে বিভিন্ন হস্ত-নিৰ্মিত সামগ্ৰী ৷ শেহতীয়াভাৱে মহিলা গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ভোগালী উপহাৰ স্বৰূপে আগবঢ়াবলৈ তৈয়াৰ কৰি উলিয়াইছে তিনিপদ বিশেষ সামগ্ৰী ৷

কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলাই সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্পকৰ্মই মুগ্ধ কৰিছে বহুজনক ৷ গামোছা, চুৱেটাৰ চিলাই, বিভিন্ন ঘৰুৱা সাজ-সজ্জাৰ সামগ্ৰী, চিমেণ্টেৰে প্ৰতিকৃতি তৈয়াৰ কৰি আৰ্থিকভাবে লাভৱান হোৱাৰ লগতে বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৰীণা কলিতা ৷

কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলাই সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

হস্তশিল্পৰ লগতে গৰু-ছাগলী আৰু বতা চৰাই পালনেৰে গাখীৰ, মাংস-কণীৰো ব্যৱসায় চলাই আছিল মহিলাগৰাকীয়ে ৷ অৱশ্যে কৰ'না কালত বটা চৰাইৰ ব্যৱসায়ত জটিলতা আহিছিল যদিও এতিয়া পুনৰ আগৰ অৱস্থালৈ আহিছে ৷

কলিয়াবৰৰ এগৰাকী কৰ্মোদ্যমী মহিলাই সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

এইবেলি কলিয়াবৰৰ এইগৰাকী মহিলাই এইবাৰৰ ভোগালী বিহুত মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ সাজু কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি, দলৰ প্ৰতীক পদুম ফুলৰ এক বিশেষ চিত্ৰ, ৰাধা-কৃষ্ণৰ মূৰ্তি আৰু হাতেবোৱা পাটৰ গামোছা ৷

লগতে পঢ়ক:অৱসৰৰ পাচতো চকী এৰি নিদিয়া এজন চৰকাৰী কৰ্মচাৰী

ABOUT THE AUTHOR

...view details