নগাঁও, 3 জুন: একাংশ বোৱাৰীয়েকৰ অত্যাচাৰৰ বলি হৈ বৃদ্ধ বয়সত বহু শাহু-শহুৰেকে বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয় ৷ এনে এক সময়ত নগাঁৱৰ ৰহাৰ এগৰাকী বোৱাৰীয়ে দেখুৱাইছে এক অনন্য নিদৰ্শন । ক’ভিডত আক্ৰান্ত নিজৰ শহুৰেকক পিঠিত উঠাই নি গাড়ীত উঠালে নগাঁৱৰ ৰহাৰ এগৰাকী বোৱাৰীয়ে ৷
ক’ভিড আক্ৰান্ত শহুৰক পিঠিত উঠাই গাড়ীত বহালে বোৱাৰীয়েকে ৰহাৰ ভাটিগাঁৱৰ তিলেশ্বৰ দাস নামৰ ৭৫ বছৰীয়া লোকজন অসুস্থ হৈ পৰাত বৃহস্পতিবাৰে বোৱাৰী নিহাৰিকা দাসে ক’ভিড পৰীক্ষা কৰিবলৈ নগাঁৱৰ ৰহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় । ক’ভিড পৰীক্ষাত শহুৰ তিলেশ্বৰ দাসৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । অৱশ্যে উক্ত পৰীক্ষাত ক’ভিড নিগেটিভ ধৰা পৰে বোৱাৰীয়েকগৰাকী ৷
ক’ভিড আক্ৰান্ত শহুৰক পিঠিত উঠাই গাড়ীত বহালে বোৱাৰীয়েকে উল্লেখ্য যে, তিলেশ্বৰ দাসৰ পুত্ৰ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে । সেয়ে শহুৰেকৰ সকলো শুশ্ৰূষা বোৱাৰীয়েকে কৰে । চিকিৎসালয়ৰ ভিতৰৰ পৰা অসুস্থ শহুৰেকক গাড়ীত উঠাবলৈ কোনো আগবাঢ়ি নহাত উপায়ন্তৰ হৈ বোৱাৰীয়েক নিহাৰিকা দাসে নিজৰ পিঠিত উঠাই চিকিৎসালয়ৰ ভিতৰৰ পৰা নি এখন মেজিক গাড়ীত উঠাই কৰ’ণাত আক্ৰান্ত শহুৰেকক ।
কেৱল গাড়ীত উঠাই দিয়াই নহয়, নিজেও গাড়ীখনত উঠি শহুৰ তিলেশ্বৰ দাসক নিজৰ বুকুচাত লৈ ক’ভিড কেয়াৰ কেন্দ্ৰলৈকে লৈ যায় বোৱাৰীয়েক নিহাৰিকা দাসে । সাম্প্ৰতিক সময়ত নিহাৰিকা দাসে দেখুওৱা এই আদৰ্শই চৰ্চা লাভ কৰিছে সচেতন মহলত ৷
লগতে পঢ়ক: কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে