অগ্নিদগ্ধ হৈ মৃ্ত্যু এগৰাকী বোৱাৰীৰ - বঢ়মপুৰ
নগাঁৱৰ ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাৱে মৃত্যু এগৰাকী বোৱাৰীৰ

বঢ়মপুৰ, 8জুলাই : নগাঁৱৰ ননৈ পহৰা আৰক্ষী চকীৰ অন্তৰ্গত ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ঘৰত কোনো নথকাৰ সময়তে গাত জুই লাগি ৰহস্যজনক ভাৱে মৃত্যু এগৰাকী বোৱাৰীৰ ৷ নিহত বোৱাৰী গৰাকী নাম কবিতা বৰা ৷ স্থানীয় লোকৰ লগতে কবিতা বৰাৰ মাতৃৰ পৰিয়ালৰ লোকৰ অভিযোগ যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ কবিতা বৰাক তেওঁৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাই ৰূমৰ ভিতৰত আবদ্ধ কৰি জ্বলাই দিয়াৰ অভিযোগ তুলিছে কবিতাৰ পৰিয়ালে ৷ কবিতাৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কবিতাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাই প্ৰায়ে সৰু সৰু কথাত ৱোৱাৰী গৰাকীৰ লগত কন্দল কৰি আহিছিল ৷ বোৱাৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ননৈ মিকিৰপাৰ উৰিয়া গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছত ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি শান্ত হয়। আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব মহিলা গৰাকীৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা । ইতিমধ্যে সোধপোছৰ বাবে ননৈ আৰক্ষীয়ে আটক কৰিছে কবিতা বৰাৰ স্বামী পাপু বৰা আৰু শাহুৱেক ধনেশ্বৰী বৰাক ।