নগাঁও, 5 নৱেম্বৰঃ নগাঁৱত এটাৰ পিছত এটা উৎখাত হৈছে ড্ৰাগছৰ ঘাটি। এইবাৰ একাংশই নিজৰ পত্নীক জড়িত কৰিছে ড্ৰাগছ সৰবৰাহত। নিজৰ পত্নীক ব্যৱহাৰ কৰি নগাঁৱত একাংশই ড্ৰাগছ ব্যৱসায় চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। নগাঁও আৰক্ষীৰ নগৰ শাখাৰ এটা অভিযানে পোহৰলৈ আনিছে এই তথ্য।
নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহত জড়িত স্বামী স্ত্ৰী - nagaon drugs news
নগাঁৱত ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ পৰিছে মহিলা। নিজ পত্নীক ব্যৱহাৰ কৰি একাংশই অব্যাহত ৰাখিছে ড্ৰাগছৰ ব্যৱসায়। নগাঁও আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহত জড়িত স্বামী স্ত্ৰী । জব্দ নিচাজাতীয় দ্ৰব্য।
বুধবাৰে নিশা নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নগাঁৱৰ কদমতলৰ পৰা ড্ৰাগছ সৰবৰাহত জড়িত এহাল দম্পত্তিক আটক কৰিবলৈ সক্ষম হয়। কদমতলৰ তাইজুল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত তাইজুল হক আৰু পত্নী চুলেমা খাতুনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এই অভিযানৰ সময়ত চুলেমা পলায়নৰ চেষ্টা কৰিছিল যদিও মহিলা আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয় চুলেমাক। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে ।
লগতে চাওকঃ বিশ্বনাথ আৰক্ষীৰ জালত তিনি মণিপুৰী জালনোট ব্যৱসায়ী