অসম

assam

ETV Bharat / state

নগাঁৱত এম্বুলেঞ্চতে সন্তান প্ৰসৱ মহিলাৰ

হোজাই জিলাৰ লংকাৰ এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মঙলবাৰে মহিলাগৰাকীৰ প্ৰসৱৰ সময় হোৱাত ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে প্ৰেৰণ কৰা হয় নগাঁৱৰ ম'হখুলিস্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়লৈ। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই এম্বুলেঞ্চতে মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি নৱজাতক ৷

A woman gives Child birth in an ambulance in Nagaon
নগাঁৱত এম্বুলেঞ্চতে সন্তান প্ৰসৱ মহিলাৰ

By

Published : Sep 29, 2020, 10:46 PM IST

নগাঁও,29ছেপ্তেম্বৰঃযি সময়ত সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি কৰ'ণা ভাইৰাছৰ আতংক অব্যাহত আছে,তেনে সময়তে কৰ'ণা ভাইৰাছত আক্ৰান্ত মহিলাৰ লগতে নৱজাতকৰ সেৱা-শুশ্ৰুষাত ব্যস্ত হ'ল চিকিৎসা কৰ্মী ৷ এনে এক ঘটনাৰ সাক্ষী হৈ ৰ'ল নগাঁও ৷

জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মঙলবাৰে মহিলাগৰাকীৰ প্ৰসৱৰ সময় হোৱাত ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে প্ৰেৰণ কৰা হয় নগাঁৱৰ ম'হখুলিস্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়লৈ। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই এম্বুলেঞ্চতে মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি নৱজাতক ৷

নগাঁৱত এম্বুলেঞ্চতে সন্তান প্ৰসৱ মহিলাৰ

উল্লেখযোগ্য যে,মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়খনত কোভিড-19 আক্ৰান্ত ৰোগীৰ বাবে কোনোধৰণৰ ব্যৱস্থা নাছিল ৷ তৎস্বত্ত্বেও চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয়খনতে আছুতীয়া কক্ষত ভৰ্তি কৰে নৱজাতকসহ মহিলাগৰাকীক ৷

ইপিনে নিজৰ জীৱনকো তুচ্ছ কৰি চিকিৎসা কৰ্মীসকলে পি পি ই কিট পৰিধান কৰি ব্ৰতী হয় কৰ'ণা ভাইৰাছত আক্ৰান্ত মহিলাগৰাকীৰ লগতে নৱজাতকৰ সেৱা-শুশ্ৰুষাত ৷

আনহাতে, চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসালয় খনত কোভিড-১৯ৰ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে যদিও মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা চিকিৎসা কৰ্মীসকলক সৰ্বসাধাৰণ ৰাইজে একেমুখে এতিয়া কৃতজ্ঞতা যাঁচিছে ৷ অৱশ্যে আন ৰোগীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি চিকিৎসালয়খনৰ চৌহদত চেনিটাইজেচনৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

ABOUT THE AUTHOR

...view details