কলিয়াবৰ, ২৫ ফেব্ৰুৱাৰী :এতিয়া কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ ভিৰ (Kaziranga National Park) । কাজিৰঙাৰ নৈসৰ্গিক শোভা আৰু জীৱ-জন্তু দৰ্শনৰ বাবে এই সময়ছোৱাত কাজিৰঙাত ভৰি পৰে দেশী-বিদেশী পৰ্যটক (national and foreign tourist at Kaziranga National Park) । বিশেষকৈ বিশ্বৰ একমাত্ৰ এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙাত গঁড় দৰ্শনৰ বাবে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থান তথা বিদেশৰ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে (one horned rhinoceros in Kaziranga) ।
কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত সঘনে বাঘৰ দৰ্শনে আকৰ্ষিত কৰি আহিছে দেশী-বিদেশী পৰ্যটকক । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া এশিঙীয়া গঁড়ৰ সমান্তৰালকৈ বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়াৰ সঘন দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছে এই দেশী-বিদেশী পৰ্যটকসকলে (tiger and buffallo in Kaziranga National Park) । অৱশ্যে কাজিৰঙাৰ বুকুত বন্যপ্ৰাণী দৰ্শনৰ বাবে হাতী বা জীপ ছাফাৰী কৰা পৰ্যটকসকল বিভিন্ন সময়ত অনাহূত পৰিস্থিতিৰো সন্মুখীন হ'বলগা হয় ।
শেহতীয়াকৈ জীপ ছাফাৰী কৰিবলৈ যোৱা এদল পৰ্যটকে বুঢ়াপাহাৰ বনাঞ্চলৰ তিনিমুখনিত এটা সুঁতিত এজাক ম'হে বিচৰণ কৰি থকাৰ সময়তে একে স্থানৰে কিছু নিলগৰ পৰা এটা বাঘে বিচৰণ কৰি ম'হৰ জাকটোৰ ওচৰ চাপিছিল । ম'হৰ জাকটো আৰু ঢেকীয়াপতীয়াটো প্ৰত্যক্ষ কৰি পৰ্যটকৰ বাহনখন নিৰাপদ দূৰত্বত ৰখাই পৰ্যটকসকলে উপভোগ কৰিছিল এক বিৰল অথচ শিহৰণকাৰী দৃশ্য । পৰ্যটক, গাইড আৰু বনকৰ্মীসকল ব্যস্ত হৈ পৰিছিল নিজৰ কেমেৰাৰে এই দৃশ্য বন্দী কৰাত । আনহাতে, ম'হৰ জাকটোৱে ঢেকীয়পতীয়াটো দেখি সেই ঠাইৰ পৰা লাহে লাহে আঁতৰি গৈছিল । তেনে ক্ষেত্ৰত বাঘটোৱেও যেন ভাবিছিল ময়েই শ্ৰেষ্ঠ, ময়েই বনৰ ৰজা ।