জুৰীয়াত জব্দ দুখনকৈ গৰু ভৰ্তি ট্ৰাক - জুৰীয়াত জব্দ দুখনকৈ গৰু ভৰ্ত্তি ট্ৰাক
নগাঁও আৰক্ষীয়ে ইতিমধ্যে গৰু ভৰ্তি বহুকেইখন গাড়ী জব্দ কৰাৰ পাছত পুনৰ শনিবাৰে জুৰীয়া আৰক্ষীয়ে জব্দ কৰে দুখনকৈ গৰু ভৰ্তি ট্ৰাক ৷
ৰূপহীহাট,27 জুলাই : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায়ী ৷ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজ্যখনত অব্যাহত ৰাখিছে গৰুৰ চোৰাং ব্যৱসায় ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে বাংলাদেশ পৰ্যন্ত চলি আছে অসমৰ গৰুৰ এই চোৰাং ব্যৱসায় ৷ নগাঁও আৰক্ষীয়ে ইতিমধ্যে গৰু ভৰ্তি বহুকেইখন গাড়ী জব্দ কৰাৰ পাছত পুনৰ শনিবাৰে জুৰীয়া আৰক্ষীয়ে জব্দ কৰে দুখনকৈ গৰু ভৰ্তি ট্ৰাক ৷ জুৰীয়াৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাক দুখন ৷ দুখনকৈ গাড়ীত কঢ়িয়াই আনিছিল ৪৮ টাকৈ গৰু ৷ গৰু সমূহ বিক্ৰীৰ বাবে সুদূৰ ধেমাজিৰ পৰা ধিং-মৈৰাবাৰীলৈ লৈ গৈ থকা অৱস্থাত গোপন খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে জুৰীয়া চাৰিআলিৰ পৰা গৰু সহ গাড়ী দুখন জব্দ কৰে । আৰক্ষীয়ে গৰু সহ গাড়ী দুখন জব্দ কৰা লগতে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আচাদ আলী,খাজৰ উদ্দিন,লক্ষী দলে,আবুল কাছেমক আটক কৰে । আশ্বৰ্যজনক কথা যে গৰুৰ এই গাড়ী পাৰহৈ অহাৰ সময়ত কিয় নপৰিল আৰক্ষীৰ চকুত ? নে কোনো ক্ষমতাশালী ব্যক্তিৰ ছত্ৰছায়াত চলিছে গৰুৰ ৰমৰমীয়া ব্যৱসায় ৷ প্ৰশ্ন হয় গৰু ব্যৱসায়টো চলিছে নেকি চিণ্ডিকেট ৰাজ ৷