ৰহা, 28 এপ্ৰিল :ৰাজ্যত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ৷ অসম আৰক্ষী তথা প্ৰশাসন কঠোৰ হ’লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ (Illegal Cattle Smuggling in Assam) । এইবাৰ ৰহাত জব্দ কৰা হৈছে অবৈধভাৱে সৰবৰাহ কৰিবলৈ অনা 18 টা গৰু ৷
তথ্য অনুসৰি, ৰহা আৰক্ষীয়ে অবৈধ গৰু চোৰাং সৰবৰাহৰ সন্দৰ্ভত লাভ কৰিছিল এক খবৰ ৷ এই গোপন খবৰৰ ভিত্তিতেই ৰহা আৰক্ষীয়ে বুধবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত চলাই এক অভিযান ৷ এই অভিযানত ৰহা আৰক্ষীয়ে ৰহাৰ টোলগেটত জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাকখন (A truck full of Cattle seized at Raha) ৷