অসম

assam

ETV Bharat / state

মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা - মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা

বিগত এসপ্তাহে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে এগৰাকী অসহায় বৃদ্ধাই ৷ বস্তাত ভৰাই আৱর্জনাৰ দৰেই পথৰ দাঁতিত পেলাই থৈ যোৱা হৈছিল বৃদ্ধাগৰাকীক ৷

মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা

By

Published : Jun 8, 2019, 4:03 PM IST

নগাঁও, 8 জুন : এগৰাকী অসহায় বৃদ্ধা ৷ বিগত এসপ্তাহে চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি আছে বৃদ্ধাগৰাকীয়ে ৷ পিছে কোন এই বৃদ্ধাগৰাকী ৷ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বৃদ্ধাগৰাকীৰ কোনো পৰিচয় ৷ কিয়নো মানৱ সমাজক লজ্জানত কৰি বৃদ্ধাগৰাকীক বস্তাত ভৰাই আৱর্জনাৰ দৰেই পথৰ দাঁতিত পেলাই থৈ গৈছিল কোনো হৃদয়হীন লোকে ৷ সন্দেহ কৰা হৈছে পৰিয়ালৰ লোকেই পেলাই থৈ গৈছে বৃদ্ধাগৰাকীক । কিন্তু নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ সদস্যই এই খবৰ লাভ কৰা পাচতেই পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে বৃদ্ধাগৰাকীৰ ।

মানৱীয়তাক লজ্জানত কৰা এক ঘটনা আৰু এগৰাকী অসহায় বৃদ্ধা

বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত মৃত্যু যন্ত্ৰণাত চটফটাইছে অসহায় বৃদ্ধাগৰাকীয়ে ৷ সম্প্ৰতি স্বেচ্ছাসেৱী সংগঠনটোৰ লগতে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ তদাৰকত চলি আছে বৃদ্ধগৰাকীৰ চিকিৎসা ৷ উল্লেখ্য যে, নগাঁৱত সংঘটিত এনে অমানৱীয় ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে প্ৰতিগৰাকী সচেতন নাগৰিককে ৷

ABOUT THE AUTHOR

...view details