অসম

assam

ETV Bharat / state

জখলাবন্ধা আৰক্ষীৰ জালত সাতজনীয়া তেল চোৰৰ দল - তেল টেংকাৰ চুৰিকাণ্ডৰ লগত জড়িত সাতজনীয়া চোৰৰ দল

জখলাবন্ধা আৰক্ষীয়ে বাগৰীৰ পৰা গ্ৰেপ্তাৰ কৰে তেল টেংকাৰ চুৰিকাণ্ডৰ লগত সাতটাকৈ চোৰক ৷ চোৰকেইটাৰ পৰা জব্দ এক লাখ সত্তৰ হাজাৰ টকা ৷

A team of Vehicle lifter in Police Custody at Jakhalabandha
জখলাবন্ধা আৰক্ষীৰ জালত সাতজনীয়া চোৰৰ দল

By

Published : Nov 29, 2019, 1:28 PM IST

নগাঁও,29 নৱেম্বৰ :জখলাবন্ধা আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষীৰ জালত পৰে তেল টেংকাৰ চুৰিকাণ্ডৰ লগত জড়িত দুটাকৈ চোৰ ৷ চোৰ দুটাক জখলাবন্ধা আৰক্ষীয়ে বাগৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, বুধবাৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত চলিছিল এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সন্দেহযুক্ত পাঁচ অপৰাধীক ৷ এই অপৰাধীকেইজনৰ ভাষ্য অনুসৰিয়ে বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষীয়ে কৰায়ত্ত কৰে আন দুজন লোকক ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ মন্তব্য অনুসৰি সাতজনীয়া এই দলটো জড়িত আছিল দুখনকৈ তেল টেংকাৰ চুৰিকাণ্ডৰ লগত ৷ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এক লাখ সত্তৰ হাজাৰ টকাৰ লগতে তেল চুৰিৰ লগত ব্যৱহৃত হোৱা বহু সজুলি । ধৃত চোৰকেইটা কলিয়াবৰৰ বাগৰীৰ আব্দুল কাদিৰ, শ্ব'ৰহাব আলি, আলি হুছেইন, জামালুদ্দিন, আব্দুল জলিল, মজিবুৰ ৰহমান আৰু কাছেম আলি।

জখলাবন্ধা আৰক্ষীৰ জালত সাতজনীয়া চোৰৰ দল

অন্য এক খবৰৰ বাবে : বিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!

ABOUT THE AUTHOR

...view details