অসম

assam

ETV Bharat / state

কৰ’ণা ভাইৰাছ-লক ডাউন-আনলকৰ মাজত স্তব্ধ জীৱন - lock Down

কৰ’ণা ভাইৰাছৰ বাবে ৰাজ্যত সৃষ্টি হৈছে একপ্ৰকাৰৰ অচলাৱস্থা ৷ ৰাজ্যত জাৰি কৰা লক ডাউনে সলনি কৰিছে একাংশ ব্যক্তিৰ জীৱন ৷ তেনে এগৰাকী ব্যক্তি হৈছে নগাঁৱৰ কুঁৱৰীটোলৰ বাসিন্দা ৰমেন দাস ৷ সাম্প্ৰতিক সময়ত কৰ’ণা মহামাৰীৰ বাবে এইদৰে ৰমেনৰ দৰে বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ৷

a story of physically handicap person of kaliabar assam etv bharat news
কৰ’ণা ভাইৰাছৰ প্ৰভাৱ একাংশৰ জীৱনত

By

Published : Aug 4, 2020, 2:08 PM IST

কলিয়াবৰ, 4 আগষ্ট:লক ডাউনে সলনি কৰিছে একাংশৰ জীৱিকা নিৰ্বাহৰ পথ ৷ দৈনিক উপাৰ্জনেৰে জীৱিকা নিৰ্বাহ কৰা লোকসকলৰ লক ডাউনৰ বাবে সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থা ৷ তেনে এগৰাকী ব্যক্তি হৈছে নগাঁৱৰ কুঁৱৰীটোলৰ বাসিন্দা ৰমেন দাস ৷ বিশেষভাৱে সক্ষম এই ব্যক্তিগৰাকীয়ে এখন গুমটি আৰম্ভ কৰি দুই-এপদ সৰু-সুৰা সামগ্ৰী বিক্ৰীৰে পোহপাল দি আহিছিল পৰিয়ালক ৷ সৰুতে পিতৃ-মাতৃক হেৰুওৱা ৰমেনে ডাঙৰ-দীঘল হৈছিল নলবাৰীৰ এখন আশ্ৰমত ৷ কিন্তু আশ্ৰমত থকা সময়তে ব্যক্তিগৰাকী টাইফয়েডত আক্ৰান্ত হোৱাত বাঁওখন হাতৰ লগতে সোঁভৰিখন আকস্মিকভাৱে সৰু হৈ পৰে ৷ ইয়াৰ পিছতে সলনি হয় ব্যক্তিগৰাকীৰ জীৱন ৷ বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীয়ে 2004 চনত কলিয়াবৰলৈ আহি আৰম্ভ কৰে এখন দোকান ৷

কৰ’ণা ভাইৰাছৰ প্ৰভাৱ একাংশৰ জীৱনত

কিন্তু বিগত সময়ছোৱাত লক ডাউনৰ বাবে বন্ধ হৈ পৰিছিল ৰমেনৰ এই ক্ষুদ্ৰ দোকানখন ৷ উপাৰ্জনৰ একমাত্ৰ দোকানখন এনেদৰে বন্ধ হৈ পৰাত ভয়ংকৰ আৰ্থিক সংকটত ভূগিছে ৰমেন দাসৰ পৰিয়ালটো ৷ কলিয়াবৰ মহাবিদ্যালয়ৰ সমীপতে থকা এই দোকানখনত গ্ৰাহক হিচাপে ভূমুকি মাৰিছিল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ কিন্তু লক ডাউনৰ বাবে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান সম্প্ৰতি বন্ধ থকাত ৰমেনৰ দোকানলৈ অহা নাই তেনে কোনো গ্ৰাহক ৷ পৰিয়ালটোৱে বৰ্তমান চৰকাৰী সাহায্য লাভ কৰিছে যদিও সেয়া পৰিয়ালটো পোহপাল যাবলৈ যথেষ্ঠ নহয় ৷ লক ডাউনৰ বাবে একপ্ৰকাৰ ভয়ানক বিপদৰ সন্মুখীন হোৱা ৰমেনক এতিয়া প্ৰয়োজন সদাশয় লোকৰ কিঞ্চিত সহায়ৰ ৷ সাম্প্ৰতিক সময়ত কৰ’ণা মহামাৰীৰ বাবে এইদৰে ৰমেনৰ দৰে বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ৷

লগতে চাওকঃলক ডাউনে হ্ৰাস কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজহ

ABOUT THE AUTHOR

...view details