অসম

assam

By

Published : Mar 22, 2023, 11:38 AM IST

ETV Bharat / state

Kaliabor Man Weaver news: কলিয়াবৰৰ এজন বিশেষ শিপিনিৰ কথাৰে

বহাগৰ আগমণত ৰাজ্যত এতিয়া উখল-মাখল পৰিৱেশ ৷ চৌদিশে চলিছে বহাগক আদৰাৰ প্ৰস্তুতি ৷ তাৰ মাজতে চৰ্চালৈ আহিছে কলিয়াবৰৰ এজন বিশেষ পুৰুষ যিয়ে তাঁতশালতেই জীৱনৰ অধিক সময় অতিবাহিত কৰিছে (A special weaver from Kaliabor) ৷ জানো আহক তাঁতীজনৰ বিষয়ে কিছু কথা-

weaver from Kaliabor
তাঁতী লাডুৰাম ভঁৰালী

তাঁতী লাডুৰাম ভঁৰালী

কলিয়াবৰ, 22 মাৰ্চ : হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ দুগুণ ব্যস্ত হৈ পৰিছে সকলো ৷ হাতে বোৱা বিহুৱানখনি আপোনজনক যাঁচিবলৈয়ে এতিয়া শিপিনীসকল ব্যস্ত তাঁতশালত ৷ কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱৰ শিপিনীৰ শালে-শালে লাগিছে বিহুৱান ৷

সাধাৰণতে শিপিনী বুলি ক'লে যি এখন ছবি মনলৈ আহে, সেই ছবিখনৰ সম্পূৰ্ণ ওলোটা ছবিৰ এখনহে দেখা পাব কলিয়াবৰৰ এইখন গাঁৱত । এই ছবিখন অসমৰ আন কিছু স্থানত সুলভ যদিও কলিয়াবৰত একপ্ৰকাৰে দুৰ্লভ । চিলাবন্ধা গাঁৱৰ নিবাসী এজন পুৰুষ তাঁতশালত ব‍্যস্ত হৈ পৰিছে এই বিহুৰ বতৰতো ৷

তাঁতী লাডুৰাম ভঁৰালী

আজি আপোনালোকলৈ আগবঢ়াইছো এই ব্যতিক্ৰমী কাহিনী ৷ একেবাৰে সৰুতেই বায়েকৰ পৰা তাঁতশালৰ সকলো বিদ‍্যা আয়ত্ব কৰি জীৱনৰ অধিকাংশ সময় এই তাঁতশালতে কটাইছে তেওঁ ৷ তাঁতশালত পাৰ্গত এই ব্যক্তিজনে ঘৰৰ ওচৰৰ বোৱাৰী-জীয়াৰী সকলোকে নিজে আয়ত্ব কৰা জ্ঞানখিনি বিলাই দিছে (Kaliabor Man Weaver news) ৷ এতিয়া বিহুৰ বতৰত গামোচাত ফুল তোলাত ব‍্যস্ত হৈ পৰিছে তেওঁ ৷

কলিয়াবৰৰ শিপিনী গাঁও ৰূপে খ‍্যাত নিজ-চিলাবন্ধা গাঁৱৰ লাডুৰাম ভঁৰালীৰ কাহিনী এইয়া । কেৱল গামোচাই নহয়, চেলেং-চাদৰকে ধৰি সকলো বস্ত্ৰ বোৱাত পাকৈত এইগৰাকী পুৰুষ । জীৱনৰ এছোৱা কাল তাঁতৰ লগতে জড়িত হৈ গাঁৱৰ জীয়াৰী-বোৱাৰীক তাঁতৰ শিক্ষা দি কাজি কৰি তুলিছে তেওঁ । এই তাঁতশালেৰে স্বচ্ছলভাৱে সংসাৰ চলাই নিছে লাডুৰাম ভঁৰালীয়ে । চৰকাৰৰ মুখলৈ নাচায়, সম্পূৰ্ণ নিজ চেষ্টাৰে বোৱা-কটাৰ জৰিয়তে এগৰাকী কাজি তাঁতীৰূপে অঞ্চলটোত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে লাডুৰাম । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিহুতলীত সম্বৰ্দ্ধনাও জ্ঞাপন কৰিছে ভঁৰালীক ।

তাঁতী লাডুৰাম ভঁৰালী

নতুন প্ৰজন্মক তাঁত শিল্পৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ই যে এক অতি সন্মানীয় উপাৰ্জনৰ পথ তাকে তেখেতে নিজৰ কৰ্মৰ জৰিয়তে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আহিছে (weaving) । অৱশ‍্যে, চৰকাৰী আঁচনিৰ বিষয়ে বৰ বিশেষ একো নাজানে তাঁতীগৰাকীয়ে । হয়তে তাঁতৰ ব‍্যস্ততাই সেই কথা পাহৰাই ৰাখিছে তেওঁক । গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোত ভঁৰালীয়ে বোৱা দৰাবৰণৰ গামোচাৰ বিশেষ চাহিদা আছে । ওঠৰশৰ পৰা আঠাইশ টকা পৰ্যন্ত এখনকৈ দৰাবৰণৰ গামোচা বিক্ৰী কৰে লাডুৰাম ভঁৰালীয়ে । চৰকাৰী কোনো সহায় নোলোৱাকৈয়ে অসমৰ এক যাউতি-যুগীয়া কৰ্ম সংস্কৃতি জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ তাঁতীগৰাকী (A special weaver from Kaliabor)।

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন ৷ বিহু বুলিলেই সকলোৰে বাবে প্ৰয়োজন হয় জাতিটোৰ সন্মান স্বৰূপ একোখন বিহুৱান । কিন্তু ক্ৰমাৎ যেন কমি আহিছে থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত হোৱা গামোচাৰ প্ৰচলন ৷ যাৰ ফলত বহিঃৰাজ‍্যত আৱেগহীনভাৱে প্ৰস্তুত হোৱা গামোচাই লাহে-লাহে দখল কৰিছে অসমৰ বজাৰ ৷ তাৰ বিপৰীতে বিগত বছৰসমূহত কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱৰ শিপিনীসকলে কিছু পৰিমাণে থলুৱা গামোচাৰ চাহিদা পূৰণ কৰি আহিছে ৷

তাঁতী লাডুৰাম ভঁৰালী

সমাগত বিহুৰ বাবেও ব‍্যস্ত হৈ পৰিছে কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱৰ শতাধিক শিপিনী, তাঁতশালত এতিয়া বুটাবচা ফুলৰ বিহুৱান বৈছে তেওঁলোকে । অসমীয়া জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱা উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক এক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত ২০১৭ চনতে আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদন অভিযান ।

লগতে পঢ়ক :LiFE campaign in Guwahati : ২২মাৰ্চৰ পৰা ৭ টা বিষয় সামৰি আৰম্ভ হ’ব সপ্তাহজোৰা LiFE ৰ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details