অসম

assam

ETV Bharat / state

চৰ্চা লাভ কৰিছে কলিয়াবৰৰ এটা বিশেষ শিলে...

কলিয়াবৰৰ মিছাত সুদীৰ্ঘ দিনে পৰি ৰোৱা এটুকুৰা বিশেষ শিল ৷ শিল টুকুৰাৰ আকৃতি কেৰাহীৰ দৰে ৷ এই বিশেষ শিল টুকুৰা কোন সময়ৰ তাৰ বিষয়ে অজ্ঞাত গাঁৱবাসী ৷ শিল টুকুৰা আহোম নাইবা বৃটিছ শাসনকালৰে পৰা তেনেদৰে পৰি ৰোৱাৰ সম্ভাৱনা ব্যক্ত কৰে এগৰাকী বুৰঞ্জী বিশ্লেষকে ৷

A Special Stone Craft story of kaliabar nagaon assam etv bharat news
এটা বিশেষ শিলৰ টুকুৰাৰ কাহিনী

By

Published : Oct 22, 2020, 1:24 PM IST

কলিয়াবৰ,22 অক্টোবৰ:কলিয়াবৰৰ মিছাত দীৰ্ঘদিনৰ পৰা পৰি ৰোৱা এটা বিশেষ আকৃতিৰ শিলৰ টুকুৰা ৷ টুকুৰাটোৰ আকৃতি ওলোটাই থোৱা এখন কেৰাহীৰ দৰে ৷ মিছা চাহ বাগিচাৰ সমীপৰ দুৰ্গা মন্দিৰৰ নিচেই কাষতে থকা এজোপা আঁহত গছৰ তলতে আছে এই বিশেষ শিলৰ টুকুৰাটো ৷ শিলটোৰ এফালৰ অংশ ভগ্নপ্ৰায় অৱস্থাত আছে ৷ কেৰাহী সদৃশ এই শিল টুকুৰাৰ বিষয়ে আজিও জ্ঞাত নহয় অঞ্চলবাসী ৷ কেৰাহীটোৰ দুফালে দুডাল লোহা লগাই থোৱা আছে ৷

এটা বিশেষ শিলৰ টুকুৰাৰ কাহিনী

উল্লেখ্য যে, বৃটিছৰ শাসনকালত অৰ্থডক্স চাহ প্ৰস্তুত কৰিবৰ বাবে এই কেৰাহীটো ব্যৱহাৰ কৰিছিল বুলি আনুমানিক মন্তব্য প্ৰকাশ কৰিছে বুৰঞ্জী বিশ্লেষক তথা প্ৰাক্তন শিক্ষক বিপুল ভট্টাচাৰ্যই ৷ তদুপৰি আহোম ৰাজত্বকালত আহোমসকলে নিৰ্মাণ কৰা মিছা কোঠৰ পৰা নাতিদুৰৈত থকা শিলৰ এই কেৰাহীটো খাৰ-বাৰুদ প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ সঠিক পৰীক্ষা-নিৰীক্ষাৰ পিছতহে এই শিল সম্পৰ্কে সত্যতা নিৰূপণ কৰিব পৰা যাব ৷

লগতে চাওকঃবাক্সাত ইউপিপিএলৰ পদযাত্ৰা

ABOUT THE AUTHOR

...view details