ৰূপহীহাট,23 আগষ্ট: ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে জাৰি কৰা নতুন নতুন নীতি তথা আংশিক লক-ডাউনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈছে বিভিন্ন চোৰ,ডকাইতৰ চক্ৰ ৷ ইয়াৰ মাজতে দেওবাৰে নিশা ৰূপহীহাটত আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে এটা দুৰ্ধষ ডকাইত ৷ গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত ৰূপহীহাটৰ কাছখাইটিত চলিছিল এই অভিযান ৷
আৰক্ষীৰ অভিযানত আটক হোৱা ডকাইতটোৰ নাম আজিজুৰ ৰহমান বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে এটা পিষ্টলসহ আটক কৰে ডকাইত আজিজুৰ ৰহমানক ৷ বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ডকাইতটোৰ সোধপোচ কৰি থকাৰ লগতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে ৷ তদন্তৰ অন্তত নগাঁৱত অব্যাহত থকা ডকাইতিৰ সন্দৰ্ভত আন কিবা তথ্য লাভ কৰাৰ থল আছে বুলি জনাইছে আৰক্ষীয়ে ৷