বটদ্ৰৱা, 1 জুনঃ পঞ্চম পৰ্যায়ৰ লক্ ডাউনৰ প্ৰথমটো দিনতে সুদূৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ পৰা বটদ্ৰৱা থানলৈ আহি এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ প্ৰদান কৰিলে দীপাংকৰ দত্ত নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে ৷ প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বিপৰীতে, ঢকুৱাখনাৰ ব্যক্তিগৰাকীয়ে বটদ্ৰৱা থানত এটা কাছ মুকলি কৰি দেখুৱালে প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ সচেতনতা ৷
প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ মুকলি হাটীপুখুৰীত - বটদ্ৰৱা
প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বিপৰীতে, ঢকুৱাখনাৰ দীপাংকৰ দত্ত নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে বটদ্ৰৱা থানৰ হাটীপুখুৰীত এটা কাছ মুকলি কৰি দেখুৱালে প্ৰকৃতিৰ প্ৰতি সচেতনতা ৷
![প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ মুকলি হাটীপুখুৰীত a rare tortoise donated to batadrava thaan by a person from lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7427474-126-7427474-1590994501307.jpg)
উল্লেখ্য যে, ঢকুৱাখনাৰ চাৰিচকীয়া নৈত মাছমৰীয়াৰ পৰা উদ্ধাৰ কৰা বিৰল প্ৰজাতিৰ কাছটো সংৰক্ষণৰ চিন্তাৰে দীপাংকৰ দত্তই, বটদ্ৰৱালৈ আহি ঐতিহ্যমণ্ডিত হাটীপুখুৰীত এৰি মুকলাই দিয়ে ৷ বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু ভকত বৈষ্ণৱক লগত লৈ ব্যক্তিগৰাকীয়ে কাছটো এৰি দিয়ে হাটীপুখুৰীত ৷ বিগত বহু বছৰ ধৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীপুখুৰীত বিভিন্ন প্ৰজাতিৰ কাছ সংৰক্ষণ কৰি অহা হৈছে ৷ তেনে ক্ষেত্ৰত সুদূৰ ঢকুৱাখনাৰ পৰা অহা প্ৰকৃতিপ্ৰেমী লোকজনৰ এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে ৷
লগতে পঢ়কঃমুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত প্ৰায় এহেজাৰ শ্ৰমিক