অসম

assam

ETV Bharat / state

আৰ্থিক দীনতাৰ হেঙাৰ নেওচি সফলতাৰ বাট বুলোৱা বটদ্ৰৱাৰ জুলি বৰা - a poor student from batadrava secured 89.6 percent in h.s final exam

উচ্চতৰ মাধ্যমিক পৰীক্ষা বাণিজ্য শাখাত 89.6 শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ বটদ্ৰৱাৰ ন-সত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে জুলি বৰাই ৷ জুলিৰ মাতৃয়ে টিউচন কৰি উপাজৰ্ন কৰা টকাৰে কোনোমতে পোহপাল দি আছে সাতজনীয়া পৰিয়ালটো ৷

A_BTDVA_801_27JUN_BATADRAVA_POOR_BRILLIANT_STUDENT_PRANJAL_BORA
A_BTDVA_801_27JUN_BATADRAVA_POOR_BRILLIANT_STUDENT_PRANJAL_BORA

By

Published : Jun 27, 2020, 6:28 PM IST

বটদ্ৰৱা, 27 জুনঃ বিগত 25 জুনত ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে বটদ্ৰৱাৰ ন-সত্ৰলৈ ৷ অঞ্চলটোৰ অনুপ্ৰভা বৰাৰ জীয়ৰী জুলি বৰাই সদ্যঘোষিত পৰীক্ষাত বাণিজ্য শাখাত 89.6 শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ ৷ উল্লেখ্য যে, মেধাৱী ছাত্ৰী গৰাকীৰ পৰিয়ালটো আৰ্থিকভাৱে যথেষ্ট দুৰ্বল ৷ পিতৃহীনা ছাত্ৰী গৰাকীৰ মাতৃয়ে টিউচন কৰি উপাজৰ্ন কৰা টকাৰে কোনোমতে পোহপাল দি আছে সাতজনীয়া পৰিয়ালটো ৷

আৰ্থিক দীনতাৰ হেঙাৰ নেওচি সফলতাৰ বাট বুলোৱা বটদ্ৰৱাৰ জুলি বৰা

সৰুৰে পৰাই ঘৰুৱা কাম-কাজৰ সমান্তৰালকৈ অধ্যয়ন চলাই যোৱা ছাত্ৰী গৰাকীৰ হেনো নাছিল অধ্যয়নৰ বাবে প্ৰয়োজনীয় পৰ্যাপ্ত কিতাপ ৷ আনৰ পৰা অনা কিতাপ-পত্ৰৰেই নিজৰ অধ্যয়ন চলাই নিছিল ছাত্ৰী গৰাকীয়ে ৷ যাৰ বাবে ছাত্ৰী গৰাকীৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি, নগাঁৱৰ ৰেণেছাঁ কনিষ্ঠ মাহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই ছাত্ৰী গৰাকীৰ উচ্চতম মাধ্যমিক শিক্ষাৰ দায়িত্ব বহন কৰিছিল ৷ ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰি এগৰাকী চাৰ্টাৰ্ড একাউনটেন্ট হোৱাৰ লক্ষ্য মেধাৱী ছাত্ৰী গৰাকীৰ ৷ লগতে ভৱিষ্যতে এগৰাকী সফল ব্যক্তি হৈ নিজ পৰিয়ালটোৰ দায়িত্ব লোৱাৰো আশা জুলিৰ ৷

লগতে পঢ়কঃসদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অন্ধ শিক্ষাৰ্থীৰ সাফল্য

ABOUT THE AUTHOR

...view details