ৰূপহীহাট,5জানুৱাৰীঃপখিলা খেদাৰ বয়সত বিচনাক সাৰথি কৰিবলগীয়া হৈছে নগাঁও ৰূপহীহাটৰ এজনী কণমানিয়ে ৷ এক অচিন ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে বিছনাতে পৰি থাকিবলগীয়া হৈছে কণমানিজনী ৷ জানিব পৰা মতে, জুৰীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে হঠাৎ এক অচিন ৰোগত আক্ৰান্ত হৈছিল কণমানিজনী ৷ সৰু ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা কণমানিজনীৰ পিতৃ পাণ্ডু লোধৰ মূৰত যেন সৰগ ভাঙি পৰিল ৷ তদুপৰি লকডাউনে পৰিয়ালটোক জুৰুলা কৰি পেলোৱাত কণমানিজনীৰ মাতৃ মমতা লোধে ঘৰৰ সন্মুখতে এখন ঘুমটিৰ দোকান দি সন্তানৰ চিকিৎসাৰ বাবে ইজনৰ পিছত আনজন চিকিৎসকৰ কাষ চাপিছে ৷
সন্তানৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰক আহ্বান দৰিদ্ৰ পৰিয়ালৰ
পখিলা খেদাৰ বয়সত বিচনাক সাৰথি কৰিবলগীয়া হৈছে নগাঁও ৰূপহীহাটৰ এজনী কণমানিয়ে ৷ জুৰীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে হঠাৎ এক অচিন ৰোগত আক্ৰান্ত হৈছিল কণমানিজনী ৷ সাংবাদিকৰ জৰিয়তে অচিন ৰোগত আক্ৰান্ত কণমানিজনীক চৰকাৰৰ তৰফৰ পৰা যাতে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে সেই আহ্বান পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ ৷
সন্তানৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰক আহ্বান দৰিদ্ৰ পৰিয়ালৰ
কিন্তু তথাপি অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কণমানিজনী ৷ পৰিয়ালটোৰ অৱস্থাও আৰ্থিকভাৱে শোচনীয় হৈ পৰাত এতিয়া পৰিয়ালটোৱে সহায় মাগিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ সাংবাদিকৰ জৰিয়তে অচিন ৰোগত আক্ৰান্ত কণমানিজনীক চৰকাৰৰ তৰফৰ পৰা যাতে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে সেই আহ্বান পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ ৷
লগতে পঢ়কঃকাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ