চামগুৰি,1জুন: চামগুৰিৰ ডুমডুমীয়া বলিকটিয়াৰ এটি দুৰ্ভগীয়া পৰিয়াল ৷ পৰিয়ালটোক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ আপোনাৰ অকণমান সহায়ে বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে পৰিয়ালটোক ৷ কিয়নো পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী মজিবুৰ ৰহমান দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ থকাত সৰ্বস্ব হেৰুৱালে পৰিয়ালটোৱে ৷ তিনি সন্তানৰ পিতৃ মজিবুৰ ৰহমান বিগত তিনিটা বছৰ ধৰি আক্ৰান্ত হৈ আছে এক জটিল ৰোগত ৷ ৰোগৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে বিগত বছৰ সমূহত যৎপৰোনাস্তি চেষ্টা কৰিলে যদিও বৰ্তমান সকলো হেৰুৱাই সৰ্বহাৰা হৈছে পৰিয়ালটো ৷
এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়ৰ
চামগুৰিৰ এটি দুৰ্ভগীয়া পৰিয়ালক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ কণ-কণ তিনিটি সন্তানৰ সৈতে থকা মজিবুৰ ৰহমানৰ সুখৰ সংসাৰলৈ হঠাৎ নামি আহিল অন্ধকাৰ ৷ পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী মজিবুৰ ৰহমান দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ থকাত চিকিৎসাৰ বাবে সকলো হেৰুৱাই সৰ্বহাৰা হৈছে পৰিয়ালটো ৷
তিনিটা সন্তানৰ লগতে পত্নীসহ সুখৰ সংসাৰ থকা মজিবুৰৰ জীৱনলৈ হঠাতে নামি আহিল অন্ধকাৰ ৷ মাটি-সম্পত্তি বুলিবলৈ যি আছিল সকলো চিকিৎসাৰ নামৰ হেৰুৱাই এতিয়া পৰিয়ালটোৱে সহায় বিচাৰিছে চৰকাৰ তথা ৰাইজৰ ৷ কণ-কণ তিনিটি সন্তানৰ মুখলৈ চাই ৰাজ্যবাসী তথা চৰকাৰৰ সহায় বিচাৰিছে মজিবুৰ ৰহমানৰ পত্নীয়ে ৷ বহু চিকিৎসা কৰিও সুস্থ নোহোৱা মজিবুৰৰ উন্নত চিকিৎসাৰ বাবে যদি কোনো হৃদয়ৱান ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেনে হ'লে মজিবুৰৰ পিতৃৰ একাউণ্ট নম্বৰ:39667815189,ifsc code:SBIN0016523 নম্বৰত সহায় আগবঢ়াব পাৰে অথবা 6001309583,8638573300নম্বৰত যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক:98 বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক