অসম

assam

ETV Bharat / state

বানৰ কৱলত এখন আৰক্ষী চকী - police station is under flood

ক'ভিড ভয়াৱহতাৰ মাজতে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ সমান্তৰালকৈ কৃত্ৰিম বানৰ কৱলতো পৰিছে বহু অঞ্চল ৷ ইয়াৰ মাজতে মাজত বুৰ গৈছে এখন বিশেষ আৰক্ষী চকী ৷

a-police-station-is-under-flood-at-samoguri
বানৰ কৱলত এখন আৰক্ষী চকী

By

Published : Jul 8, 2021, 10:38 PM IST

চামগুৰি, 9 জুলাই : বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ সংহাৰী ৰূপ ৷ ভৰ বাৰিষাৰ সময়চোৱাত ইতিমধ্যে কেইবাখনো জিলাৰ বহু অঞ্চল বানত বুৰ যোৱাৰ লগতে ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান ৷ ইয়াৰ মাজতে ঘনে ঘনে কৃত্ৰিম বানত বুৰ গৈছে চামগুৰি আৰক্ষী চকী ৷ এজাক বৰষুণতে বানত বুৰ যায় চামগুৰি আৰক্ষী নিৱেশৰ চৌহদ ৷

প্ৰাপ্ত খবৰ মতে, বিগত কেইবা বছৰ ধৰি বাৰিষা কালত কৃটিম বান পানীয়ে জলাকলা খুৱাইছে শিশু, মহিলাকে প্ৰমুখ্য কৰি চামগুৰি আৰক্ষী থানাৰ আবাসিক সকলক ৷ চাৰিওফালে পকী বেৰৰ মাজত বৰষুণৰ পানী জমাহৈ থানা খনৰ পুৰণি আৱাস গৃহ সমূহ বুৰাই পেলাই ৷ কৃত্ৰিম বানৰ কৱলৰ পৰা ৰক্ষা পৰে কেৱল পুৰণি কাৰ্যালয় গৃহটোহে ৷ পৰিণতত বাৰিষাৰ দিন কেইটাত আবাসিক সকলৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ সকলৰো দুৰ্দশাৰ যেন অন্ত নপৰে ৷

বানৰ কৱলত এখন আৰক্ষী চকী

উল্লেখ্য যে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ বাবে আৰক্ষী থানাখনৰ পৰা নলাৰে পানী ওলাই যাব পৰা ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতে থানাখনৰ চৌদিশে একাঁঠু একাঁঠু পানী জমা হয় ৷ যাৰ বাবে এতিয়া বিভিন্ন কাৰণত থানাখনলৈ অহা সৰ্বসাধাৰণ ৰাইজো চৰম অসুবিধাত পৰিছে ৷ উপায়ন্তৰ হৈ এই সন্দৰ্ভত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে আৱাসীক এলেকাৰ লোক সকলৰ লগতে সাধাৰণ ৰাইজে ৷ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ সংস্কাৰৰ কথা কৈ বৰ বৰ ভাষণ দি আছে তেনে সময়তে চামগুৰি আৰক্ষী চকীয়ে যেন উদঙাইছে আৰক্ষী চকীৰ পঁয়ালগা অৱস্থাৰ প্ৰকৃত ছবি ৷

লগতে পঢ়কঃকলিয়াবৰত মহকুমাধিপতিৰ Sudden visit

ABOUT THE AUTHOR

...view details