অসম

assam

ETV Bharat / state

কলিয়াবৰ পৰ্য‍টনত এক নতুন সংযোজন নদী পৰ্য‍টন - ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ প্ৰত‍্যক্ষ সহযোগত বুধবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত পৰ্য‍টকৰ বাবে সাজু থাকিব 'স্পীড্ ব'ট'। যাৰ জৰিয়তে দেশী-বিদেশী পৰ্য‍টকে কলিয়া ভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্য‍ন্ত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আনন্দ লাভ কৰিব ।

A New Step Forwarded to Kaliabor Tourism
কলিয়াবৰ পৰ্য‍টনত এক নতুন সংযোজন নদী পৰ্য‍টন

By

Published : Nov 10, 2020, 10:10 PM IST

কলিয়াবৰ,10 নৱেম্বৰঃকলিয়াবৰত বুধবাৰে আনুষ্ঠানিকভাবে মুকলি হ'ব নদী পৰ্য‍টন । কলিয়াবৰ পৰ্য‍টনত ই এক নৱ-সংযোজন; যি কলিয়াবৰক পৰ্য‍টকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাত প্ৰভূত বৰঙণি যোগাব বুলি আশা কৰিছে পৰ্যটন বিভাগে ।

কলিয়াবৰ পৰ্য‍টনত এক নতুন সংযোজন নদী পৰ্য‍টন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ প্ৰত‍্যক্ষ সহযোগত বুধবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বিশাল বুকুত পৰ্য‍টকৰ বাবে সাজু থাকিব 'স্পীড্ ব'ট'; যাৰ জৰিয়তে দেশী-বিদেশী পৰ্য‍টকে কলিয়া ভোমোৰা দলঙৰ পৰা শিলঘাট পৰ্য‍ন্ত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আনন্দ লাভ কৰিব ।

কলিয়াবৰ পৰ্য‍টনত এক নতুন সংযোজন নদী পৰ্য‍টন

উল্লেখযোগ‍্য যে, এই স্থানতে শিহুৰ উপস্থিতি ইতিমধ‍্যে ঘনাই দেখা গৈছে। গতিকে বৰ্তমান এক দুষ্প্ৰাপ‍্য জীৱৰ তালিকাত অন্তৰ্ভূক্ত শিহুৰ দৰ্শনে পৰ্য‍টকক আকৰ্ষণ কৰিব বুলি কলিয়াবৰ মহকুমা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই আশা কৰিছে ।

কলিয়াবৰ পৰ্য‍টনত এক নতুন সংযোজন নদী পৰ্য‍টন

ইপিনে বুধবাৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ‍্য, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে।

কলিয়াবৰ পৰ্য‍টনত এক নতুন সংযোজন নদী পৰ্য‍টন

লগতে পঢ়কঃ বাংলাদেশ সেনাক প্ৰশিক্ষিত কুকুৰ আৰু ঘোঁৰা প্ৰদান ভাৰতীয় সেনাৰ

ABOUT THE AUTHOR

...view details