অসম

assam

ETV Bharat / state

নগাঁৱত বনকৰ্মীক বনৰীয়া হাতীৰ আক্ৰমণ - Hojai

ম'বাইলৰ বাবে প্ৰাণৰক্ষা

ম'বাইলৰ বাবে প্ৰাণৰক্ষা বনকৰ্মীৰ

By

Published : Feb 23, 2019, 3:02 AM IST

নগাঁও, ২৩ ফেব্ৰুৱাৰীঃহোজাই জিলাৰ ডবকাৰ লালমাটি বনাঞ্চলত শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ এটা জাকৰ আক্ৰমণৰ বলি হয় এজন বনকৰ্মী। হাতীৰ আক্ৰমণত আহত হয় বনকৰ্মী তাজউদ্দিন।

ম'বাইলৰ বাবে প্ৰাণৰক্ষা বনকৰ্মীৰ

ডবকাৰ লালমাটি বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে গছ কাটি থকাৰ খবৰ লাভ কৰি বনকৰ্মীজন এগৰাকী সতীৰ্থৰ সৈতে ৰাওনা হয় বনাঞ্চলৰ ভিতৰত। কিন্তু বনাঞ্চলৰ ভিতৰত সোমায়ে ১৫-২০ জনীয়া হাতীৰ জাকৰ আক্ৰমণৰ বলি হয় তাজউদ্দিন। সেই সময়ত তাজউদ্দিনৰ হাতৰ পৰা পৰি যায় ম'বাইল ফোনটো । সেই সময়তে ফোনৰ ৰিং টন বাজি উঠাত আক্ৰমণ কৰিবলৈ অহা হাতীৰ জাকটো ম'বাইল ফোনটো লৈ ব্যস্ত হৈ পৰে । হাতীৰ জাকটোৱে ম'বাইল ফোনটোৰে খেলিবলৈ আৰম্ভ কৰাত সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে দুয়োজন বনকৰ্মীৰ। অৱশ্যে গুৰুতৰ ভাৱে আহত হয় তাজউদ্দিন নামৰ বনকৰ্মীজন।

ABOUT THE AUTHOR

...view details