বটদ্ৰৱা, 24 জুন :অসমৰ ৰাইজৰ মাজত একালত অভূতপূৰ্ব সহাঁৰি লাভ কৰা অসমৰ সাংস্কৃতিক পথাৰৰ অনবদ্য লোক সংস্কৃতি পুতলা থিয়েটাৰ বৰ্তমান বিলুপ্তপ্ৰায় ৷ আশী আৰু নৱৈ দশকত মধ্য অসমত জনপ্ৰিয় হৈ পৰিছিল ভ্ৰাম্যমানৰ এই পুতলা থিয়েটাৰ । 19 শতিকাত একাংশ সংস্কৃতিবান লোকে নগাঁও জিলাৰ পশ্চিম প্ৰান্তত জন্ম দিছিল এই পুতলা থিয়েটাৰ ।
এই পুতলা থিয়েটাৰক জীয়াই ৰাখিবৰ বাবে 'ৰূপালীম পুতলা থিয়েটাৰ'ৰ জন্ম দিছিল কাকমাৰীৰ ৰাজু বৰাই । কিন্তু প্ৰযুক্তিবিদ্যাৰ খৰটকীয়া গতিৰ লগত খাপ খাই চলিবলৈ কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে ৰাজু বৰাই । এই পুতলা থিয়েটাৰত কৰ্মৰত কলা-কুশলীসকলৰো জীৱনৰ পথ অনিশ্চয়তাৰ ফালে গতি কৰিছে । এই লোক সংস্কৃতি জীয়াই ৰখাৰ বাবে ৰজাঘৰীয়াই যদি ব্যৱস্থা হাতত নলয় তেন্তে এই সংস্কৃতি লুপ্ত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে ৰাজু বৰাই ৷ লকডাউনৰ ফলত পুতলা থিয়েটাৰ বাৰুকৈয়ে প্ৰভাৱিত হোৱা বুলি মন্তব্য কৰে ৰাজু বৰাই ৷