কলিয়াবৰ,৪ ফেব্ৰুৱাৰী :অসমৰ ঐতিহাসিক স্থানসমূহ (Historical place of Assam) সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে এগৰাকী ব্যক্তি । চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি অসমৰ ভিন্ন প্ৰান্তত ঐতিহাসিক সমল বিচাৰি ফুৰিছে নগাঁৱৰ বিজয় ভূঞা নামৰ ব্যক্তিগৰাকীয়ে (Vijay Bhuyan's efforts to save historical content)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থানসমূহৰ সমান্তৰালভাৱে কলিয়াবৰৰ শিলঘাটস্থিত অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত উপস্থিত হয় ব্যক্তিগৰাকী ।
তেওঁ সম্প্ৰতি কামাখ্যা দেৱালয়ত সিঁচৰতি হৈ থকা ঐতিহাসিক সমলসমূহৰ অন্বেষণত ব্যস্ত হৈ পৰিছে (Historic preservation) । কামাখ্যা দেৱালয়ৰ চৌদিশে সিঁচৰতি হৈ থকা সমলসমূহ খান্দি উলিওৱাৰ লগতে উদ্ধাৰ কৰা সমলসমূহ একগোট কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰিছে বিজয় ভূঞাই । তদুপৰি, ঐতিহাসিক স্থানসমূহত এলাগী হৈ পৰা আহোমৰ দিনৰ বৃক্ষসমূহ দীৰ্ঘজীৱী কৰাৰো ব্যৱস্থা কৰিছে বিজয় ভূঞাই ।