কলিয়াবৰ, 19 মাৰ্চঃনগাঁৱৰ কলিয়াবৰ আৰক্ষী নিৱেশ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাসংঘটিত হয় ৷ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী AS-03T-3725 নম্বৰৰ এখন তীব্ৰবেগী এল্ট' বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় ৷ লগে লগে বাহনখনত থকা ৰশ্মি শৰ্মা নামৰ মহিলাগৰাকীৰ মৃত্যু হয় ৷ আনহাতে চালকসহ আন তিনিজন যাত্ৰী গুৰুতৰভাৱে আহতহয় ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আহতসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহতকেইজনৰ সংকটজনক অৱস্থাত থকা শৰৎ শৰ্মানামৰ লোকজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা - Road Accident 1Dead at Kaliabor
বৃহস্পতিবাৰে নগাঁৱৰ কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কলিয়াবৰ আৰক্ষী নিৱেশ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী মাৰুতি এল্ট' বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় ৷ থিতাতে নিহত হয় এগৰাকী মহিলা ৷ ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত চালকসহ আন তিনিজন যাত্ৰীক জখলাবন্ধা চিকিৎসালয়লৈ লৈ যায় আৰু ইয়াৰ মাজৰ সংকটজনক অৱস্থাত থকা এজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা
উল্লেখ্য যে,দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা এটি বিদেশী কুকুৰো আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে কুকুৰটোৰো উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃমৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী