অসম

assam

ETV Bharat / state

হাঁহ পালনেৰে জীৱিকাৰ পথ মোকলাইছে এগৰাকী সাংবাদিকে - ক‘ভিড মহামাৰী

ক’ভিড মহামাৰীৰ ফলত ৰাজ্যত দীৰ্ঘদিন ধৰি লক ডাউন অব্যাহত থকাত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে বিভিন্নজন ৷ এনে সময়তে নিজৰ লগতে আনৰো কৰ্ম সংস্থাপনৰ সুবিধা কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে হোজাইৰ এজন সাংবাদিকে ৷

A journalist from Hojai has become a role model for everyone in critical times
হাঁহৰ ফাৰ্ম

By

Published : Sep 7, 2021, 11:03 AM IST

হোজাই, 7 ছেপ্তেম্বৰ :লক ডাউনৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে বহু লোক । বহুলোকে আকৌ কৰ্ম-সংস্থাপন হেৰুওৱাৰ ফলত জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । এই সংকটৰ সময়ত সকলোৰে বাবে নিদৰ্শন হৈ পৰিছে হোজাই জিলাৰ ডবকাৰ সাংবাদিক আব্দুল হান্নান তালুকদাৰ ৷

সংকটময় সময়ত সকলোৰে বাবে আদৰ্শ হৈ পৰিছে হোজাইৰ এজন সাংবাদিক

আব্দুল হান্নান তালুকদাৰে লক ডাউনৰ সময়তে ব্যক্তিগত প্ৰচেষ্টাৰে এখন হাঁহৰ লগতে হাঁহ পোৱালি উৎপাদন কৰিব পৰা ফাৰ্ম সাজি উলিয়ায় । প্ৰথমে অতি কম পুঁজিৰে আৰম্ভ কৰা হাঁহৰ ফাৰ্মখনত বৰ্তমান তিনিশৰো অধিক হাঁহ থকাৰ উপৰিও প্ৰায় দুশ হাঁহৰ কণী জমা হৈ আছে । ইয়াৰ উপৰিও তালুকদাৰে ফাৰ্মখনৰ কৰ্মত নিয়োজিত কৰিছে চাৰিজনকৈ লোক ।

সংকটময় সময়ত সকলোৰে বাবে আদৰ্শ হৈ পৰিছে হোজাইৰ এজন সাংবাদিক

তালুকদাৰে সম্প্ৰতি সাংবাদিকতাৰ লগতে প্ৰত্যেক দিনাই সমানে সময় দিয়ে ফাৰ্মখনত । বৰ্তমান ফাৰ্মখনৰ দ্বাৰাই পৰিয়ালটোৰ লগতে আন দুটাকৈ পৰিয়ালৰ কৰ্ম-সংস্থাপনৰ সুবিধা কৰি সুন্দৰকৈ পৰিয়াল পোহপাল দিছে সাংবাদিকগৰাকীয়ে । আব্দুল হান্নান তালুকদাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীক এনেধৰণে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ আহ্বান জনায় ৷ যাতে নিবনুৱা যুৱক-যুৱতীসকলে কর্ম সংস্থাপনৰ অভাৱত ভুগিবলগীয়া নহয় ।

লগতে পঢ়ক :বঙ্গাল-বঙ্গালনী গ্ৰস্থ বিতৰ্ক : স্থিতি স্পষ্ট কৰিলে অধ্যাপক ড৹ প্ৰফুল্ল কুমাৰ নাথে

ABOUT THE AUTHOR

...view details