নগাঁও, 14 আগষ্ট :75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে সমগ্ৰ দেশবাসী ৷ দেশৰ স্বাধীনতাৰ যুঁজত শত-সহস্ৰ সেনানীৰ চৰম ত্যাগক স্মৰণ কৰিব দেশৰ জনগণে ৷ স্মৰণ কৰিব সেই নেতৃত্বক যাৰ এষাৰ বাক্যই দেশৰ জনগণক প্ৰেৰণা যোগাই 'কৰিম কিম্বা মৰিম' মন্ত্ৰেৰে জীৱনকো তুচ্ছ জ্ঞান কৰি স্বাধীনতাৰ অহিংসা ৰণত বৃটিছৰ বিৰুদ্ধে যুজিবলৈ ওলাই আহিছিল ৷ যাৰ নেতৃত্বতে দেশে স্বাধীনতা লাভ কৰিছিল ৷
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আপোনাক চিনাকী কৰি দিবলৈ ওলাইছো জাতিৰ পিতা মহাত্মা গান্ধীৰে বিশেষ সম্পৰ্ক থকা এটা বঙলাৰে ৷ যিটো বঙলাত উপস্থিত হৈ 1921 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ বিভিন্ন ৰণ-কৌশল ৰচনা কৰিছিল ৷ 132 বছৰীয়া এই পৰিদৰ্শন বঙলাটোৰ পৰাই ৰচনা হৈছিল স্বাধীনতা আন্দোলনৰ বৃহৎ ৰণকৌশল ৷
1791 চনত বৃটিছে পোন প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰা দিন ধৰিয়ে শিলঘাটে এক বিশেষ মৰ্যাদা লাভ কৰি আহিছিল ৷ বৃটিছৰ শাসকৰ সঘন আহ-যাহৰ বাবে জিৰণি তথা অস্থায়ী আশ্ৰয়ৰ বাবে 1887 খ্ৰীষ্টাব্দত লুইতৰ পাৰতে শিলঘাটত বৃটিছে নিৰ্মাণ কৰিছিল এটা বিশেষ পৰিদৰ্শন বঙলা ৷
1921 চনত গান্ধীজীয়ে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসহযোগ আন্দোলনৰ তাৎপৰ্য ব্যাখা কৰিছিল ৷ যাৰদ্বাৰা তেঁও কানি-ভাং-মদ এৰি আৰু বিদেশী বস্তু বৰ্জন কৰি নিজে কপাহৰ সূতা কাটি কাপোৰ বৈ ল'বলৈ আহ্বান জনাইছিল ৷ সেই সময়ত অসমত জাতীয় কংগ্ৰেছৰ বিশেষ অস্তিত্ব নথকাত অসমত জাতীয় কংগ্ৰছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই সুযোগ গ্ৰহণ কৰি গান্ধীজীক অসমলৈ আমন্ত্ৰণ জনালে ।
এই আমন্ত্ৰণ ৰক্ষা কৰি 1921 চনৰ আগষ্ট মাহৰ 18 তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গুৱাহাটীত উপস্থিত হোৱাত মহাত্মা গান্ধীক অসমীয়া জনগণে বিপুল আদৰণি জনাইছিল ৷ গান্ধীজীৰ উপস্থিতিয়ে নৱ গঠিত কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ উপৰিও অসমীয়া জনগণক আলোড়িত কৰি তুলিছিল ৷ অসমৰ গুৱাহাটীৰ লগতে বৰাক, তেজপুৰ, ডিব্ৰুগড় আদি স্থান ভ্ৰমণ কৰি বৃটিছৰ বিৰুদ্ধে জনগণক সংঘৱদ্ধভাৱে আন্দোলনত ভাগ ল'বলৈ আহ্বান জনাইছিল ৷